Junmoni Rabha mysterious death: ষড়যন্ত্ৰ কৰি হত্যা কৰিলে জোনমণি ৰাভাক: এবছু সভাপতি দ্বীপেন বড়ো

By

Published : May 21, 2023, 3:10 PM IST

thumbnail

ৰৌতা,২১ মে': জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যক লৈ এবছুৰ সভাপতিৰ প্ৰতিক্ৰিয়া(Junmoni Rabha mysterious death) । আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰে এবছু সভাপতি দ্বীপেন বড়োৱে । নকল সোণকে ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে অসম আৰক্ষী জড়িত আছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে (Dipen Bodo react on Junmoni Rabha death) ।  

জোনমনি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগি থকাৰ সময়তে উক্ত ঘটনাকলৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জোনমণি ৰাভাৰ মৃত্যুক সহজভাৱে গ্ৰহণ নকৰে বুলি মন্তব্য কৰে এবছু নেতাগৰাকীয়ে । অসম আৰক্ষীৰ মাজতে অসম আৰক্ষীৰ নিৰাপত্তা নাই বুলি উল্লেখ কৰি সততাৰ বাবেই জোনমণি ৰাভাক ষড়যন্ত্ৰমুলকভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে(Jonmani Rabha was killed in a conspiracy) ।  

সংগঠনটোৱে লগতে জোনমণি ৰাভাৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপুৰ দাবী কৰি এই হত্যাকাণ্ডৰ দ্ৰুত তদন্তৰ দাবী জনায় । ইফালে যদি সঠিক তদন্ত নহয় তেতিয়া এবছুৱে গনতান্ত্ৰিকভাৱে পদক্ষেপ গ্ৰহণ কৰিব বুলিও সংবাদ মাধ্যমৰ জড়িয়তে চৰকাৰক সকিয়াই দিয়ে এবছুৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে । 

লগতে পঢ়ক: Assam student death in IIT Kharagpur: ডিব্ৰুগড়ত উপস্থিত তদন্তকাৰী দল: কবৰৰ পৰা উলিওৱা হ’ব ফাইজানৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.