Assam student death in IIT Kharagpur: ডিব্ৰুগড়ত উপস্থিত তদন্তকাৰী দল: কবৰৰ পৰা উলিওৱা হ’ব ফাইজানৰ মৃতদেহ

author img

By

Published : May 21, 2023, 1:58 PM IST

faizan-ahmed

মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত কলকাতাৰ পৰা অহা তদন্তকাৰী দল ৷ তদন্তৰ বাবে ফাইজান আহমেদৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিওৱাৰ সম্ভাৱনা (Assam student death in IIT Kharagpur) ৷ ২০২২ চনৰ ১৬ অক্টোবৰত ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টি কবৰস্থানত কবৰ (জানাজা) দিয়া হৈছিল ফাইজানক ।

ডিব্ৰুগড়, ২১ মে’: মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত হৈছে কলকাতাৰ পৰা অহা তদন্তকাৰী দল (Tinsukia boy found dead in IIT Kharagpur) । তদন্তৰ খাতিৰত কলকাতা তদন্তকাৰী দলটোৱে ফাইজান আহমেদৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিওৱাৰ সম্ভাৱনা আছে । ফাইজান তিনিচুকীয়া জিলাৰ চান্দমাৰি তিনিআলিৰ বাসিন্দা আছিল ৷ ২০২২ বৰ্ষৰ ১৪ অক্টোবৰত ৰহস্যজনক অৱস্থাত আই আই টি খড়গপুৰত অধ্যয়নৰত ফাইজান আহমেদৰ অৰ্ধগলিত মৃতদেহ হোষ্টেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ হৈছিল (Assam student death in IIT Kharagpur) ৷

পশ্চিমবংগৰ আই আই টি খড়গপুৰৰ (IIT kharagpur) লালা লাজপত ৰয় ছাত্ৰাবাসৰ পৰা ফাইজানৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ জানিব পৰা মতে, ফাইজান কেইবাদিনো ধৰি হোষ্টেলৰ কোঠাৰ পৰা ওলোৱা নাছিল ৷ ফাইজানক নেদেখি সহপাঠীৰ লগতে পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফাইজানে ফোনৰ প্ৰত্যুত্তৰ দিয়া নাছিল ৷ ফাইজানৰ এই কাৰ্যই সকলোকে চিন্তাত পেলাইছিল ৷

ফাইজানৰ কোনো সম্ভেদ নোপোৱাত তেওঁৰ সহপাঠীসকলে দুৱাৰ খুলি কোঠাটোত প্ৰৱেশ কৰি ফাইজানৰ মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ আই আই টি কৰ্তৃপক্ষই এই সন্দৰ্ভত খড়গপুৰ নগৰ আৰক্ষী থানাক অৱগত কৰে ৷ খড়গপুৰ আৰক্ষীয়ে খবৰ পোৱাৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈ ফাইজানৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আই আই টিৰ মেকানিকেল ইঞ্জিনীৰিঙৰ (Mechanical Engineering Student) তৃতীয় বৰ্ষৰ ছাত্ৰ ফাইজানৰ সহপাঠীৰ ভাষ্য অনুসৰি ফাইজান থকা ছাত্ৰাবাসৰ কোঠাটোত কেইবাদিনৰ পৰা দুৰ্গন্ধ ওলাই আছিল ৷

খড়গপুৰ আৰক্ষীয়ে প্ৰথমে এইয়া আত্মহত্যা নে হত্যাৰ বলি হৈ ফাইজানে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ ইয়াৰ পাছতে এই সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰা গঠিত এখন কমিটিয়ে প্ৰতিবেদন দাখিল কৰে য’ত ফাইজলৰ মূৰৰ পাচফালে আঘাতৰ চিহ্ন থকাৰ কথা উল্লেখ কৰা হয় ৷ কিন্তু আৰক্ষীৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হোৱা নাছিল ৷ সেয়ে ন্যায়ালয়ে পুনৰ সমগ্ৰ দিশটো পুণৰীক্ষণ কৰি প্ৰতিবেদন দাখিল কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৷

ন্যায়ালয়ে মৃত ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কলকাতালৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে । ফাইজানৰ মৰণোত্তৰ পৰীক্ষা কলেজ ষ্ট্ৰীটস্থিত কলকাতা চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন কৰা হ'ব আৰু এমাহৰ ভিতৰত কৰিব লাগিব । গোচৰটোৰ পৰৱৰ্তী শুনানি ৩০ জুনত হ'ব ।

লগতে পঢ়ক: IIT খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.