Angkita Dutta controversy: নিজৰ দলৰ ভিতৰৰ কৰ্মীয়েই কংগ্ৰেছৰ বাবে গাড্ডাৰ; দিলীপ শইকীয়া

By

Published : Apr 23, 2023, 10:59 PM IST

thumbnail

নলবাৰী, ২৩ এপ্ৰিল: দেওবাৰে নলবাৰী নাট্যমন্দিৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত হৈ কংগ্ৰেছ আৰু অংকিতা দত্ত সন্দৰ্ভত বিষ্ফোৰক মন্তব্য আগবঢ়ায় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই (Dilip Saikia react on Angkita Dutta controversy) । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ দিলীপ শইকীয়াই কংগ্ৰেছ দলক গড্ডাৰ দল বুলি আখ্যা দিয়ে ।  

এটা পৰিয়াল বুলি জহাই ফুৰা দলটোৱে ঘৰৰ সদস্যৰ ওপৰতে নিৰ্যাতন চলাই বুলি মন্তব্য কৰে দিলীপ শইকীয়াই (Angkita Dutta controversy) । সাংসদ গৰাকীয়ে কয় যে, কংগ্ৰেছ এতিয়া ডুবন্ত নাও ভূপেন বৰাৰ দিনত বাকী থকা খিনিও একেবাৰে ধংস হৈ যোৱাৰ এখন প্ৰতিচ্ছবি আহি পৰিছে  ৷ কংগ্ৰেছ দলৰ কেৱল প্ৰতিচ্ছবিটোহে থাকিব ৰাইজতো নায়েই ৷  

কংগ্ৰেছৰ নিজৰ দলৰ ভিতৰৰ কৰ্মীয়ে কংগ্ৰেছৰ বাবে গাড্ডাৰ (Dilip Saikia slams Congress) । কংগ্ৰেছত লবীকেন্দ্ৰিক ৰাজনীতি আগৰে পৰা চলি আহিছে । কোনে কাক লেং মাৰিব পাৰে, কংগ্ৰেছত তেনে নীতি আদৰ্শহে চলি থাকে । দলৰে এটা পদত থকা এগৰাকী নেত্ৰীক উচ্চ পদস্থ নেতাই মানসিক নিৰ্যাতন চলাই আহিছে অথচ পৰিয়াল বুলি কৈ থকা কংগ্ৰেছ দলটোৰ কোনো এজন অসমৰ নেতাই সমাধানৰ ফালে নগৈ বহিষ্কাৰ কৰাক লৈ সাংসদ দিলীপ শইকীয়াই তীব্ৰ সমালোচনা কৰে কংগ্ৰেছক । 

লগতে পঢ়ক: Encroachment on Govt land: শ'লমাৰী বিলৰ ভূমিত বেদখলকাৰীৰ শেনচকু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.