NAMRUP BVFCL : নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট গঠনৰ দাবী অগপৰ; প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

By

Published : Jul 27, 2023, 4:13 PM IST

thumbnail

নাহৰকটীয়া, ২৭ জুলাই : নামৰূপ সাৰ কাৰখানাৰ সন্দৰ্ভত নীতি আয়োগে কাৰখানাটো বন্ধ কৰাৰ পৰামৰ্শ লোকসভাৰ মজিয়াত উন্মোচিত হোৱাৰ পাচত বিগত এটা সপ্তাহে নামৰূপ তথা সমগ্ৰ ডিব্ৰুগড় জিলাতেই ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈ আছে । এই প্ৰতিবাদৰ মাজতেই আজি অৰ্থাৎ বৃহস্পতিবাৰে অসম চৰকাৰৰ মিত্ৰজোঁটৰ দল অসম গণ পৰিষদে নামৰূপ সাৰ কাৰখানাত উপস্থিত হৈ কোম্পানীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

কেন্দ্ৰীয় সাৰমন্ত্ৰী মনসুখ মাণ্ডব্যই সাৰকাৰখানা বন্ধ নহয়, ইয়াৰ আধুনিকীকৰণ আৰু নেন’ ইউৰিয়া প্লান্ট নিৰ্মাণ হ’ব বুলি মন্তব্য কৰাৰ পাচতো আশ্বস্ত হোৱা নাই অসম গণ পৰিষদ ৷ অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সভাপতি আদিত্য গোস্বামী, সম্পাদক গণেশ গগৈ আৰু সঞ্জীৱ বৰুৱাই আজি সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় চৰকাৰক নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : Bodoland University: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ ৰাজ্যপালৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.