Durga Puja 2023: দুৰ্গা পূজাৰ অন্যতম আকৰ্ষণ, দেৱীৰ শিৰত জিলিকিছে হীৰাৰ মুকুট

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 7:43 PM IST

thumbnail

গুৱাহাটী,২০ অক্টোবৰ: গুৱাহাটীৰ পাণ্ডু মালিগাঁও অঞ্চলৰ দুৰ্গা পূজাৰ কথায়েই সুকীয়া । পূৰ্বৰে পৰা পাণ্ডু মালিগাঁও অঞ্চলৰ দুৰ্গা পূজা সকলোৰে বাবে আকৰ্ষণ হৈ আহিছে । এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় । বিভিন্ন বিষয়ৰ আৰ্হিৰে নিৰ্মাণ কৰা দুৰ্গা পূজাৰ মণ্ডপে এইবাৰো চমক সৃষ্টি কৰাৰ বাবে সাজু হৈছে । পাণ্ডুৰ নিউ কলনিৰ আজাদ হিন্দ ক্লাৱ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপ এইবাৰ পুৰণি সংগীত আৰু সামগ্ৰীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ।  

পুৰণি গ্ৰামোফোন ৰেকৰ্ড, পুৰণি কেছেট আৰু ৰেডিঅ'ৰে পাণ্ডুৰ নিউ কলনি আজাদ হিন্দ ক্লাৱ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপটো নিৰ্মাণ কৰা হৈছে । এই‌ সন্দৰ্ভত পাণ্ডুৰ নিউ কলনি আজাদ হিন্দ ক্লাৱ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ সভাপতি নৃপেন্দ্ৰ চন্দ সূত্ৰধাৰে কয় যে এই মণ্ডপটো সজোৱাৰ বাবে কলিকাতাৰ‌ পৰা ৮০০ টা ৰেডিঅ অনা হৈছে ।

তেওঁ কয় যে এই পূজাখনে ইতিমধ্যে ৭২ বছৰ অতিক্ৰম কৰিছে । এইবাৰ বাজেট ১৫.২০ লাখ নিৰ্দ্ধাৰণ কৰা হৈছে । তেওঁ জনায় যে এইবাৰ দুৰ্গাৰ প্ৰতিমাৰ লগতে দুৰ্গা দেৱীৰ কাষত থকা লক্ষী, গণেশৰ মূৰ্তিকে ধৰি‌ মুঠ পাঁচটা মূৰ্তি তথা প্ৰতিমাক হীৰাৰ মুকুট পিন্ধোৱা‌ হৈছে । কলকাতাৰ জিউ ডায়মণ্ড নামৰ কোম্পানীয়ে হীৰাৰ মুকুট স্প'নচৰ কৰিছে । কেবাকোটি টকাৰ এই হীৰাৰ‌ মুকুটৰ সুৰক্ষাৰ বাবে অসম আৰক্ষীৰ পৰা নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে । 

লগতে পঢ়ক: Durga Puja 2023: ভক্তক আদৰিবলৈ সাজু মহানগৰীৰ পূজা মণ্ডপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.