মৰিধল মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় এথলেটিকছ প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 4:53 PM IST

thumbnail

ধেমাজি, ১৯ জানুৱাৰী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্ৰীড়াৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে আন্তঃমহাবিদ্যালয় এথেলেটিকছ প্ৰতিযোগিতা । এইবছৰৰ এই প্ৰতিযোগিতাখন বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মৰিধল মহাবিদ্যালয়ত আৰম্ভ হৈছে ।

২০ জানুৱাৰীলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ২৬ খন মহাবিদ্যালয়ৰ দুই শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । প্ৰতিযোগিতাখনৰ বৃহস্পতিবাৰে অনুষ্ঠিত আৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই । পুৱা পতাকা উত্তোলন, অলিম্পিক শিখা প্ৰজ্বলন আদি অনুষ্ঠানৰ পিছতে খেলুৱৈসকলৰ কুছকাৱাজৰ অভিবাদন গ্ৰহণ কৰে সাংসদ প্ৰদান বৰুৱাই ।

ইয়াৰ পিছতে দৌৰ, জঁপিওৱা, কাবাদী আদি বিভিন্ন খেল প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয় । অহা ২০ জানুৱাৰীত প্ৰতিযোগিতাখনৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপেন শইকীয়াই ।

লগতে পঢ়ক :অমিত শ্বাহৰ তেজপুৰ আগমন; কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.