Commando Traning: উগ্ৰপন্থীক ৰুধিবলৈ আহি আছে অসম আৰক্ষীৰ নতুন কমাণ্ডো বাহিনী
🎬 Watch Now: Feature Video
উগ্ৰপন্থীক ৰোধিবলৈ আহি আছে অসম আৰক্ষীৰ নতুন কমাণ্ড বাহিনী (undefined)
উগ্ৰপন্থীক কঠোৰ হাতেৰে দমন কৰাৰ উদ্দেশ্যে অসম আৰক্ষীত শেহতীয়াভাৱে সংযোজিত হৈছে কমাণ্ডো বেটেলিয়নৰ এটা বিশেষ বাহিনী(DGP Bhaskar Jyoti Mahanta ) । প্ৰায় ৩০০০ জোৱানেৰে সমৃদ্ধ কমাণ্ডো বেটেলিয়ন বাহিনীক প্ৰশিক্ষণ দিব ভাৰতীয় সেনা বাহিনীয়ে(Police training under Indian Army) । অসম আৰক্ষীৰ এই বিশেষ বাহিনীটোক আজিৰ পৰা বিভিন্ন স্থানত সামৰিক প্ৰশিক্ষণ দিয়াৰ বাবে সাজু কৰি তোলা হৈছে । আজি নাৰেঙ্গী সেনা শিবিৰত আয়োজন কৰা অসম আৰক্ষীৰ কমাণ্ডো ট্ৰেইনিঙৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই(DGP Assam inaugurates police training ) এই কমাণ্ডো বেটেলিয়ান সম্পূৰ্ণ পৃথক হ’ব বুলি জানিবলৈ দিয়ে । সন্ত্ৰাসবাদ দমন নতুবা অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰাকৈ ভাৰতীয় সেনা বাহিনীয়ে শাৰীৰিক টেষ্টৰ প্ৰশিক্ষণ, অস্ত্ৰৰ প্ৰশিক্ষণকে ধৰি বিভিন্ন সামৰিক প্ৰশিক্ষণ দি তেওঁলোকক উপযুক্ত কৰি গঢ়ি তোলাৰ কথা জানিবলৈ দিয়ে । অসম আৰক্ষীৰ সহযোগত সেনা বাহিনীয়ে শ্বিলং, মিছামাৰী, ঠাকুৰবাৰী, গেৰুৱা, নাৰেঙ্গী আদিকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৮ টা স্থানত তেওঁলোকক ৪০ সপ্তাহ প্ৰশিক্ষণ দিব । ইয়াৰে তিনিটা বেটেলিয়ানক উগ্ৰপন্থীমূলক কাৰ্য দমনত নিয়োগ কৰা হ’ব । দুটা বেটেলিয়ানক নগৰৰ আইন আৰু শৃংখলাত নিয়োগ কৰা হ’ব ।

Last Updated : February 3, 2023 at 8:34 PM IST