মাজৰবাৰীৰ ৩৮ সংখ্যক ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 12:50 PM IST

thumbnail

জোনাই, ৩০ নৱেম্বৰ : ৰাজ্যৰ সৰ্বতে এতিয়া মাথোঁ দেখিবলৈ পোৱা গৈছে ৰাস মহোৎসৱৰ ব্যাপক উৎসাহ উদ্দীপনা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷ বাদ পৰি ৰোৱা নাই উত্তৰ অসমৰ ধেমাজি জিলাও ৷ ধেমাজিৰ মাজৰবাৰীত ন দিনীয়াকৈ ৰাইজে আয়োজন কৰিছে ৩৮ সংখ্যক ৰাস মহোৎসৱৰ ।

সম্পূৰ্ণ মৃন্ময় প্ৰতিমাৰে উদযাপন কৰা এই ৰাস মহোৎসৱত আগমন ঘটিছে অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ । মূল প্ৰৱেশদ্বাৰত নিৰ্মাণ কৰা হৈছে এটি উচ্চ হনুমানৰ প্ৰতিমূৰ্তি । লগতে শ্ৰীকৃষ্ণই গোপীসকলৰ লগত কৰা লীলা খেলাৰ বিভিন্ন দৃশ্যাংশৰ মৃন্ময় প্ৰতিমাও নিৰ্মাণ কৰা হৈছে ।

এইবোৰৰ উপৰিও পাতাল পুৰী, বৃন্দাবন পাৰ্ক, চাৰিওফালে বহু চালে চকুৰোৱা দৃশ্য নিৰ্মাণ কৰিছে আয়োজকসকলে ৷ ইফালে বুধবাৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ভূৱন পেগুৱে ৰাস সমিতিলৈ চৰকাৰে আগবঢ়োৱা এককালীন ২৫ হেজাৰ টকাৰ সাহায্য পূঁজি প্ৰদান কৰে ।

লগতে পঢ়ক : বাক্সাৰ থানগুৰি দেৱচাৰাত ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৰাস মহোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.