Assam HSLC result 2023: সপ্তম স্থানত উজলিল দেৰগাঁৱৰ প্ৰতীক্ষা প্ৰিয়ম মহন্ত

By

Published : May 22, 2023, 8:40 PM IST

thumbnail

যোৰহাট, 22 মে’: আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰতীক্ষা প্ৰিয়ম মহন্তই ৷ দেৰগাঁও ডন'বস্ক স্কুলৰ ছাত্ৰী প্ৰতীক্ষা প্ৰিয়ম মহন্তই সৰ্বমুঠ 600 নম্বৰৰ ভিতৰত 588 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Dergaon Don Bosco High School) ৷  

প্ৰতীক্ষা প্ৰিয়মৰ পিতৃ কমল দুৱৰা মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ পৱিত্ৰ মহন্ত আৰু মাতৃ ড৹ অনুৰূপা গোস্বামী ৰেডিয়েন্ট কণিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ৷ কন্যাৰ এই সফলতাত সুখী পিতৃ-মাতৃ (Assam HSLC result 2023) ৷

মেধাৱী ছাত্ৰী গৰাকীৰ এই সফলতাত বিদ্যালয়খনত এখ উচৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷  প্ৰতীক্ষা প্ৰিয়ম মহন্তৰ সফলতাক অত্যন্ত সুখী বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকল (Pratiksha Priyam Mahanta got 7th position in HSLC) ৷ 

লগতে পঢ়ক: Assam HSLC result 2023:অষ্টম স্থানত নাৰায়ণপুৰৰ ধলপুৰৰ কুলদীপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.