Mysterious death: নগাঁৱৰ হনুমান মন্দিৰৰ বাৰাণ্ডাত মৃতদেহ উদ্ধাৰ

By

Published : Apr 21, 2023, 7:49 PM IST

thumbnail

নগাঁও, 21 এপ্ৰিল : নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ নগাঁৱৰ হনুমান মন্দিৰৰ বাৰাণ্ডাত উদ্ধাৰ কৰা হৈছে এগৰাকী আদহীয়া ব্যক্তিৰ মৃতদেহ (Man Mysterious death)। শুকুৰবাৰে পুৱাই মন্দিৰৰ বাৰাণ্ডাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো (Dead body rescued in Nagaon)। মৃতদেহটো উদ্ধাৰৰ পিচতে স্থানীয় লোকে মৃত লোকজন হয়বৰগাঁৱৰ শান্তিপুৰৰ বাপী ঘোষ বুলি চিনাক্ত কৰে ৷  

ইয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি হয়বৰগাঁও আৰক্ষীয়ে লোকজনৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এই বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত ব্যক্তিজনৰ মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক: Groom died in Nalbari: শোকাৱহ! বিয়ালৈ তিনিদিন থাকোতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দৰাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.