ETV Bharat / state

Groom died in Nalbari: শোকাৱহ! বিয়ালৈ তিনিদিন থাকোতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দৰাই

author img

By

Published : Apr 21, 2023, 3:30 PM IST

Groom died in a road accident in Nalbari
বিয়ালৈ তিনিদিন থাকোতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দৰাই

নলবাৰীত শোকাৱহ ঘটনা । বিয়ালৈ মাত্ৰ তিনিদিন থকা অৱস্থাত পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে নলবাৰীৰ বেলশৰৰ দৰা স্বপন মজুমদাৰে(Groom died in a road accident in Nalbari) । শোকস্তব্ধ গাঁওবাসী ।

বিয়ালৈ তিনিদিন থাকোতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দৰাই

নলবাৰী,২১ এপ্ৰিল: জন্ম, মৃত্যু, বিবাহ, এই তিনিৰ ওপৰত কাৰোৰে হাত নাই । তথাপিও কিছুমান মৃত্যু যেন মানি ল'বলৈ যথেষ্ট কঠিন । পিছে তেনে এক অঘটনেই ঘটিল নলবাৰীত । সোমবাৰ তেওঁৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল । মাত্ৰ এদিন পিছত আছিল তেওঁৰ জোৰোণ । আলহীক নিমন্ত্ৰণ দিয়া, তথা অন্যান্য কাম-কাজো ইতিমধ্যে সমাপন হৈছিল ।

কিমান যে হেঁপাহ আছিল বিয়াখনক লৈ । বিয়াখনক লৈ ঘৰৰ সকলোৰে যেন তত নাই । সেই আনন্দৰ মাজতে হেঁপাহৰ দৰাৰ সাজযোৰ আনিবলৈ গৈছিল দৰা । পিছে সেই যে গ'ল, তেওঁ আৰু ঘূৰি নাহিল । হাতত দৰাৰ সাজযোৰ লৈয়ে তিনিদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল নলবাৰীৰ বেলশৰৰ স্বপন মজুমদাৰ ।

নলবাৰীৰ বেলশৰত ১০ ব'হাগ সোমবাৰে হ'বলগা বিবাহৰ তিনিদিন পূৰ্বে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে স্বপন মজুমদাৰে(Groom died in a road accident in Nalbari) । বিয়ালৈ তিনিটা দিন মাজত থকা অৱস্থাত এনেদৰে শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লোৱাত শোকৰ বন্যা বৈছে নলবাৰীত । যোৱা ১১ এপ্ৰিলত সন্ধিয়াৰ ভাগত বেলশৰৰ মণ্ডল চ'কত দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল স্বপন মজুমদাৰ (Groom died in Nalbari) ।

গুৰুতৰভাৱে আহত স্বপন মজুমদাৰক প্ৰেৰণ কৰা হৈছিল জি এম চি এইচ লৈ । পিছে সুস্থ হৈ ঘৰলৈ ঘূৰি আহিব নোৱাৰিলে স্বপনে । চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে মৃত্যুক আঁকোৱালি ল'লে স্বপনে (Road accident in Nalbari) । দৰাৰ সাজ ক্ৰয় কৰি ওভতাৰ পথত দুৰ্ঘটনাত পতিত হোৱাৰ পিছত সোমবাৰে বিয়াৰ পূৰ্বে স্বপন মজুমদাৰৰ মৃত্যু ঘটাত পশ্চিম নলবাৰীৰ বেলশৰ ওজাপাৰাৰ তেওঁৰ গৃহৰ লগতে নলবাৰী চহৰস্থিত কইনাৰ ঘৰতো বৈছে শোকৰ বন্যা ।

বিয়ালৈ মাজত মাথোঁ তিনিদিন থকা অৱস্থাত এনেদৰে বেলশৰ ওজাপাৰাৰ স্বপন মজুমদাৰৰ মৃত্যু ঘটাত স্বাভাৱিকতে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ পশ্চিম নলবাৰীৰ বেলশৰ অঞ্চল । কোনোদিনে উভতি নহা বাটেৰে যোৱা স্বপনৰ যাত্ৰাত সকলোৱে মৰ্মাহত হৈ যুৱকজনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । সপোনৰ সেন্দুৰীয়া বাটেৰে নতুন জীৱনত খোজ দিবলৈ ওলাওঁতেই সকলো স্থৱিৰ হৈ যোৱাত কান্দোনত ভাঙি পৰিছে কইনা ।

লগতে পঢ়ক: Srinivas BV Case: শ্ৰীনিবাস-অংকিতা কাণ্ডৰ আঁৰত কৰ্ণাটকৰ নিৰ্বাচন ? অসম আৰক্ষীয়ে তদন্তৰ বাবে মাতিব শ্ৰীনিবাসক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.