Dead body recovered: মহানগৰীৰ গড়চুকৰ নিজৰা পাৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 5:40 PM IST

thumbnail

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীত ইটোৰ পিচত সিটোকৈ মৃতদেহ উদ্ধাৰ ৷ শুকুৰবাৰে মহানগৰীৰ গড়চুকৰ নিজৰা পাৰত উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ। মৃত যুৱকৰজনৰ নাম চানিদুল ইছলাম বুলি জানিব পৰা গৈছে। নিজৰা পাৰৰ বাসিন্দা আছিল মৃত চানিদুল ইছলাম। 

মৃত যুৱকজন পেচাত এজন গাড়ী চালক আছিল বুলি জানিব পৰা গৈছে । বৰ্তমানলৈকে যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি যোৱা দুদিনমানৰ পৰা যুৱকজনে পৰিয়ালৰ লোকৰ লগত মাতবোল কৰা নাছিল। 

বৃহস্পতিবাৰে নিশা একাংশ স্থানীয় লোকে শেষবাৰৰ বাবে প্ৰত্যক্ষ কৰিছিল যুৱকজনক। কিন্তু শুকুৰবাৰে পুৱা যুৱকজনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰাত সমগ্ৰ অঞ্চলত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: 4 Robbers detained: তিনিচুকীয়া আৰক্ষীৰ জালত চাৰি দুধৰ্ষ ডকাইত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.