Cyber Crime in Bongaigaon: বঙাইগাঁৱত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী

By

Published : Mar 22, 2023, 4:33 PM IST

thumbnail

বঙাইগাঁও, 22 মাৰ্চ: ৰাজ্যত চাইবাৰ অপৰাধীৰ দৌৰাত্ম (Cyber Crime in Assam) ৷ অসমত ভয়াৱহভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধজনিত ঘটনা ৷ যিয়ে শংকিত কৰি তুলিছে সৰ্বসাধাৰণক ৷ অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ হ্ৰাস কৰাৰ বাবে সময়ে সময়ে পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ এইবাৰ বঙাইগাঁও আৰক্ষীৰ জালত পৰিল চাইবাৰ অপৰাধী ৷

বঙাইগাঁৱত চাইবাৰ অপৰাধৰে জড়িত এজনক গ্ৰেপ্তাৰ ৷ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনৰ পৰা মাজনিশা লাভ কৰা এক তথ্যৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধীটোক (Cyber criminal arrested in Bongaigaon) ৷  

ধৃত অপৰাধীটো পশ্চিমবংগ মালদাহৰ গোলাম মুৰ্তাজা বুলি জানিব পৰা গৈছে ৷ চাইবাৰ অপৰাধীটোৰ পৰা আৰক্ষীয়ে বিভিন্ন বেংকৰ 21 খনকৈ এ টি এম জব্দ কৰিছে ৷ লগতে এটা মোবাইল ফোন আৰু নগদ 2,500 টকা ধন জব্দ কৰে আৰক্ষীয়ে (Cyber Crime in Bongaigaon) ৷

অধিক তথ্যৰ বাবে আৰক্ষীয়ে ইতিমধ্যে অব্যাহত ৰাখিছে অনুসন্ধান ৷ লগতে আন কেইবাইবাটাও অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক:Barpeta Love jihad: বৰপেটা লাভ জেহাদকাণ্ডৰ মূল অভিযুক্ত ৰিতুল হুছেইনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.