Scam in Jal Jeevan Mission Scheme: বগাহাতীলৈ পৰিণত জল জীৱন মিছন আঁচনি

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 2:06 PM IST

thumbnail

জোনাই,১০ ছেপ্টেম্বৰ: জোনাইত জল জীৱন মিছন আঁচনি ৰূপায়নৰ নামত সংঘটিত হৈছে ইটোৰ পিছত সিটো দুৰ্নীতি আৰু অনিয়ম । এবছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা প্ৰায় ভাগ আঁচনিয়েই এতিয়া পৰিণত হৈছে বগাহাতীলৈ । এই দৃশ্য জোনাইৰ অসম অৰুণাচল সীমান্তৰ মিগম দলুংস্থিত জল জীৱন মিছন আঁচনিৰ ।  

কোটি টকা ব্যয় সাপেক্ষে এবছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা আঁচনিখন এতিয়াও নিৰ্মাণ কাৰ্য নহ'ল সম্পূৰ্ণ । কুম্ভকৰ্ণৰ নিদ্ৰাত থকা জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগক চকুৰ আগত ধূলি মাৰি মাথোঁ চাৰিটা খুঁটা পুতিয়েই থমকি ৰ'ল নিৰ্মাণ কাৰ্য । অঞ্চলটোৰ ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত চটফটাই থকাৰ সময়তে আঁচনিখনৰ ঠিকাদাৰ তথা জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্থাৰ গোপন মিতিৰালিত নিজৰ পকেট গৰম কৰাৰ মানসিকতাৰে নিৰ্মাণ কাৰ্যত বিয়াগোম দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Accident news : পথ দুৰ্ঘটনাত গোৱালপাৰাত থিতাতে মৃত্যু হ’ল মেঘালয়ৰ 2 যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.