Air monitoring system: নগাঁও মহাবিদ্যালয়ত বায়ুৰ পৰিবেশৰ মানদণ্ডৰ নিৰীক্ষণ কেন্দ্ৰ মুকলি

By

Published : Jan 27, 2023, 10:49 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নগাঁও, 27 জানুৱাৰী: শুকুৰবাৰে মধ্য অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও মহাবিদ্যালয়ত মুকলি কৰা হয় বায়ুৰ পৰিবেশৰ মানদণ্ডৰ নিৰন্তন নিৰীক্ষণ কেন্দ্ৰ  ৷ এই নিৰীক্ষণ কেন্দ্ৰটো মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰন ব’ৰ্ডৰ সাহায্যৰে এই কেন্দ্ৰ নিৰ্মাণ কৰিছে নগাঁও মহাবিদ্যালয়ে । শুকুৰবাৰে নগাঁও মহাবিদ্যালয়ত বায়ুৰ পৰিবেশৰ মানদণ্ডৰ নিৰন্তন নিৰীক্ষণ কেন্দ্ৰটো মুকলি অনুষ্ঠানত ভাগ লয় সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো । লগতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰও উক্ত অনুষ্ঠানত উপস্থিত থাকে (Air monitoring system in Nagaon)।

অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই প্ৰদূষণৰ ওপৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে । তেওঁ কয় যে, ভয়াৱহভাৱে বৃদ্ধি পোৱা প্ৰদূষণে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । সেয়ে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । তাৰ অংশ হিচাপেই প্ৰথমে পৰিবেশৰ মানদণ্ড নিৰূপণ কৰাৰ বাবেই নগাঁও মহাবিদ্যালয়ত পৰিবেশৰ মানদণ্ড নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে । এই যন্ত্ৰৰ নাম হৈছে Continuous ambient air monitoring system ৷ ইয়াৰ দ্বাৰা বায়ুমণ্ডলৰ বিভিন্ন উপাদানৰ পৰিমাণ জানিব পৰা যাব ৷ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই ব্যৱস্থা অতি জৰুৰী বুলি প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই জানিবলৈ দিয়ে (Environmental Quality Monitoring system) ৷

তেওঁ লগতে কয় যে, পৰিবেশৰ মানদণ্ড নিৰূপণ কৰাৰ পিচতহে প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰাত সহায়ক হ'ব (Pollution control board Assam) । নগাঁৱত অতিমাত্ৰা বৃদ্ধি পোৱাত প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যেই অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰে নগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষই । 

উল্লেক্ষ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰা পৰীক্ষা পে’ চর্চা অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ত অংশ লয় সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Jorhat Balyabhaban School : মুখ্যমন্ত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ত পত্নী ৰিণিকি ভূঞা শৰ্মা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.