Congress slams PM: নৰেন্দ্ৰ মোদীক জনসাধাৰণৰ পৰিৱৰ্তে আদানী-আম্বানীৰ প্ৰধানমন্ত্ৰী আখ্যা কংগ্ৰেছৰ

By

Published : Feb 22, 2023, 7:59 PM IST

thumbnail

গোৱালপাৰা, 22 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰে আদানী-আম্বানীক দেশৰ মূল্যবান সামগ্ৰী বিক্ৰী কৰাক লৈ সৰৱ গোৱালপাৰা জিলা কংগ্ৰেছ কমিটী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ উদ্যোগপতি গৌতম আদানী আৰু আম্বানীক বিক্ৰী কৰা সন্দৰ্ভত ৰাইজক জনোৱাৰ উদ্দেশ্যে গোৱালপাৰা জিলা কংগ্ৰেছ কমিটীয়ে আজি আয়োজন কৰিছে এক সংবাদমেল (Congress slams PM Modi) ।

গোৱালপাৰা জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত বিধায়ক একে ৰচিদ আলমৰ তত্বাৱধানত অনুষ্ঠিত হয় এই সংবাদমেলখন (Congress press conference in Goalpara)। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ নিৰ্দেশত ৰাজ্যৰ প্ৰতিটো জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদ্যোগপতি গৌতম আদানীৰ সম্পৰ্কৰ কথা ৰাইজৰ মাজত সংবাদমেলৰ জৰিয়তে প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি এই সংবাদমেলৰ আয়োজন কৰে (Congress against Modi and Adani) ।

সংবাদমেলত বিধায়ক এ কে ৰচিদ আলমে কয়, "দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ তেওঁৰ মিত্ৰ আদানীক অৰ্পণ কৰি আছে ৷ মোদী জনসাধাৰণৰ প্ৰধানমন্ত্ৰী নহয়, আদানী-আম্বানীৰ হে প্ৰধানমন্ত্ৰী ৷ নৰেন্দ্ৰ মোদীয়ে আদানীৰ সৈতে মিলি ভাৰতবৰ্ষত লুট-পাত আৰম্ভ কৰিছে  ৷ প্ৰধানমন্ত্ৰীৰ আদানীৰ লগত কি সম্পৰ্ক আছে সেয়া স্পষ্ট কৰক ৷"

বিধায়কগৰাকীয়ে লগতে আদানীৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয়, "609 নম্বৰৰ পৰা হঠাৎ কেনেকৈ আদানী বিশ্বৰ 2 নম্বৰ ধনী ব্যক্তি হ’ল ? এয়া কেৱল আমাৰ নহয়, সকলোৰে প্ৰশ্ন ৷ সকলোৱে বিচাৰে এই প্ৰশ্নৰ উত্তৰ ৷ ইমান টকা কেনেকৈ পালে আদানীয়ে ? ক’ত পালে ইমান বৃহৎ ধন ৷ এই ক্ষেত্ৰত বিশ্বৰ বিভিন্ন সংস্থায়ো অনুসন্ধান কৰি আছে ৷ এয়া আদানীয়ে অবৈধভাৱে গঢ়া সম্পদহে  ৷ ৰাইজৰ তথা চৰকাৰৰ ধন লৈ আদানীয়ে ব্যক্তিগত সম্পদ গঢ়িছে (Modi and Adani relation) ৷"

উল্লেখ্য যে, শেহতীয়াকৈ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে সংসদৰ ভিতৰে বাহিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদ্যোগপতি গৌতম আদানীৰ সু-সম্পৰ্ক থকা সম্পৰ্কে যিমান প্ৰশ্ন উত্থাপন কৰিছে তাৰ কোনো এটা প্ৰশ্নৰ উত্তৰ দিব পৰা নাই দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে (Adani Hindenburg row) । দেশৰ অধিকাংশ চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাস্তা-ঘাটসমূহ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ বন্ধু উদ্যোগপতি গৌতম আদানীক দি দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি পেলাইছে বুলি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছিল ।

দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহ যেনে-এলআইচি, এছবিআই, বিমানবন্দৰ, ৰে’ল পথ, বন্দৰ, স্থল পথ আৰু দেশৰ বহু সম্পদ আদানীৰ হাতত তুলি দি দেশৰ সৰ্ববৃহৎ অৰ্থনৈতিক কেলেংকাৰীৰ কথা ৰাইজক জনোৱাৰ উদ্দেশ্যেই সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে এই সংবাদমেলৰ আয়োজন কৰিছে (Congress Press conference against Modi and Adani relation) । 

লগতে পঢ়ক: TMC MP Mahua Moitra on Adani: আদানী সন্দৰ্ভত চৰকাৰক তীব্ৰ আক্ৰমণ সাংসদ মহুৱা মৈত্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.