Rahul Gandhi Disqualification: চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

By

Published : Apr 1, 2023, 9:15 PM IST

thumbnail

টীয়ক, ১ এপ্ৰিল: যোৰহাট জিলা কংগ্ৰেছ কমিটীৰ সৌজন্যত কলিয়াপানী ব্লক কংগ্ৰেছ কমিটী আৰু মধ্য যোৰহাট ব্লক কংগ্ৰেছ কমিটীৰ সহযোগত শনিবাৰে টীয়কস্থিত কলিয়াপানী ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰে (Press conference of Congress at Teok)। কংগ্ৰেছ নেতাসকলে কয় যে অসংবিধানিক তথা অগণতান্ত্ৰিকভাৱে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি দেশৰ গণতন্ত্ৰৰ ওপৰত ভাবুকি সৃষ্টিৰ কৰিছে । লগতে দেশত শাসকীয় দলৰ বহু নেতা জনপ্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিত লিপ্তৰ অভিযোগ উত্থাপন হৈ আছে যদিও সেইসকলৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো গোচৰ ৰজু হোৱা নাই বা হৈছে যদিও আদালৰ বিচাৰাধীন হৈ আছে ।

 কংগ্ৰেছ নেতাসকলে পুনৰ কয় যে ৰহস্যজনকভাৱে বিজেপি চৰকাৰে ৰাহুল গান্ধীয়ে সদনত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰশ্ন কৰাত তেওঁ এইদৰে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে । এয়া দেশৰ গণতন্ত্ৰৰ চূড়ান্ত অপমান হৈছে বুলি গণ্য কৰি দেশৰ সৰ্বসাধাৰণ ৰাইজক এইসমূহ ভ্ৰষ্টাচাৰৰ বিষয়ে অৱগত কৰিবলৈ এইদৰে সংবাদমেল সম্বোধন কৰি ৰাইজক সজাগতা কৰিবলৈ চেষ্টা কৰা বুলি কংগ্ৰেছ নেতাসকলে কয় । উক্ত সংবাদমেলত যোৰহাট জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিত পেগু,আচিফ ইকবাল হাজৰিকা,ৰঞ্জন বৰুৱা,কলিয়াপানী ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি দেৱেন শইকীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় (Jorhat District Congress Committee) ।

লগতে পঢ়ক:Integrated B Ed course: 2024 বৰ্ষৰ পৰা হেম বৰুৱা মহাবিদ্যালয়ত ইন্টিগ্রেটেড বি এড পাঠ্যক্রম আৰম্ভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.