Indo China relationship: চীনৰ মানচিত্ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী লৈ পত্ৰ লিখিলে অৰুণাচল প্ৰদেশৰ বিধায়ক নিনং এৰিঙে

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 11:45 AM IST

Updated : Aug 30, 2023, 1:38 PM IST

thumbnail

তেজপুৰ, 30 আগষ্ট: চীনে শেহতীয়াকৈ প্ৰকাশ কৰা মেপখনক লৈ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখা গৈছে ৷ বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে চীনা মানচিত্ৰত ভাৰতৰ ভূমি অন্তৰ্ভুক্ত হোৱাক কেন্দ্ৰ কৰি ব্যাপক বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ৷ প্ৰধানমন্ত্ৰী মোদীৰ 56 ইঞ্চি বুকুৰ কথাও উল্লেখ কৰিছে বহুতে ৷ নৰেন্দ্ৰ মোদীয়ে এক ইঞ্চি মাটিও চীনক নিদিও বুলি কোৱাৰ পাচতো অৰুণাচলৰ সীমান্ত অঞ্চল কেনেকৈ চীনে দখল কৰিলে তাক লৈ প্ৰশ্ন কৰিছে বিৰোধীয়ে ৷

দেশৰ ৰাজনীতিত বিশেষভাৱে চৰ্চা লাভ কৰিছে চীনে শেহতীয়াকৈ প্ৰকাশ কৰা 2023 বৰ্ষৰ মেপখনে ৷ অৰুণাচল প্ৰদেশৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে চীনে শেহতীয়াকৈ প্ৰকাশ কৰা নতুন মেপ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । ইটিভি ভাৰতৰ আগত এৰিঙে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় কয়, "G20 সমাৱেশৰ প্ৰাকমুৰ্হূতত চীনে অৰুণাচল প্ৰদেশক নিজৰ দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰাটো গৰিহণাযোগ্য ।"

এৰিঙে কয় যে চীনে শেহতীয়াকৈ প্ৰকাশ কৰা মানচিত্ৰই এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে G20 সন্মিলনৰ প্ৰাকমুহূৰ্তত । চীনৰ এই আক্রমণাত্মক নীতি বন্ধ কৰিব লাগিব ৷ কাৰণ ভাৰতৰ সীমান্ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰে পৰিপূৰ্ণ । আনহাতে তেওঁ কয় যে, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে দৃঢ়তাৰে কয় যে, "আমি চীনৰ এই দাবীৰ কথাত সন্মতি নহয় যে অৰুণাচল প্ৰদেশ তিব্বতৰ অংশ ৷ তাৰ পৰিৱৰ্তে এদিন তিব্বতেও স্বাধীন লাভ কৰিব ৷"

অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ ভাৰত ৰাষ্ট্ৰৰ ওপৰত সম্পূৰ্ণ সহাঁৰি আছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ে হস্তক্ষেপ কৰিব বুলি তেওঁ মন্তব্য কৰে । উল্লেখযোগ্য যে, চীনে সময়ে সময়ে এই নীতি দেখুৱাই থাকে । পূৰ্বতে চীনা চৰকাৰী মুখপাত্ৰ গ্লোবেল টাইমছৰ জৰিয়তে ভাৰতৰ পূব প্ৰান্তত থকা অৰুণাচল প্ৰদেশ তেওঁলোকৰ ভূ-খণ্ডৰ অন্তৰ্গত বুলি দাবী কৰি মানচিত্ৰ প্ৰকাশ কৰিছিল ।

ৰঙা চীনৰ এই প্ৰৰোচনামূলক কাণ্ড সন্দৰ্ভত এৰিঙে প্ৰধানমন্ত্ৰীলৈ লিখিছে যে, অৰুণাচল প্ৰদেশ আৰু চীনৰ ভাৰতীয় ভূখণ্ড দাবী কৰি চীনে মানচিত্ৰ মুকলি কৰি পি আৰ চিৰ দ্বাৰা চীনৰ মানচিত্ৰ আগ্ৰাসন কৰাৰ কৌশল বুলি কয় । তেওঁ উদ্ধৃতি দি কয় যে, পি আৰ চিৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰণালয়ে এই মানচিত্ৰখন প্ৰকাশ কৰাৰ বিপৰীতে চীনৰ চৰকাৰী অপপ্ৰচাৰৰ টুকুৰা গ্ল’বেল টাইমছ বুলি কয় ৷

পি আৰ চিৰ ফালৰ পৰা এই অভাৱনীয়, দুৰ্ভাগ্যজনক অথচ ইচ্ছাকৃত ঘটনাই অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মাজত গভীৰ ক্ষোভৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে । সাধাৰণতে এইটো জ্ঞাত যে পি আৰ চিয়ে ইয়াৰ পূৰ্বেও 2023 চনৰ এপ্ৰিল মাহত 11 টা স্থান, 2021 চনত 15 টা স্থান, আৰু 2017 চনত 6 টা স্থানৰ নাম সলনি কৰি অৰুণাচল প্ৰদেশৰ ওপৰত নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা চলাইছিল ৷

2020 চনত গালৱান উপত্যকাত পি এল এৰ বিৰুদ্ধে ভাৰতৰ সীমান্ত ৰক্ষা কৰাৰ সময়ত ভাৰতীয় সেনাৰ 20 জন জোৱানে প্ৰাণ আহুতি দিছিল । 2022 চনৰ ডিচেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত ভাৰত-পিআৰচি ষ্টেণ্ডঅফৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বে উল্লেখ কৰিছিল যে ভাৰতৰ মাটিৰ এক ইঞ্চিও যাতে আপোচ কৰা নহয় তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ ।

লক্ষণীয় বিষয় যে, লাডাখ ভ্ৰমণৰ পৰাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চীনে ভাৰতত অনুপ্ৰৱেশ কৰা বুলি দাবী তুলিছিল ৷ স্থানীয় লোকৰ উদ্ধৃতিৰেও গান্ধীয়ে এই দাবী তোলা পৰিলক্ষিত হৈছিল ৷ কিন্তু তাৰ পিচতো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চীনে ভাৰতৰ এক ইঞ্চি মাটিও লোৱা নাই বুলি বিৰোধীৰ অভিযোগ নস্যাৎ কৰি আহিছিল ৷ শেহতীয়াকৈ চীনা সংবাদ সংস্থা গ্ল’বেল টাইমছে 2023 বৰ্ষৰ চীনৰ মানচিত্ৰত ভাৰতৰ কেইবা অংশকো স্থান দিয়া বুলি প্ৰকাশ কৰা বাতৰিয়ে সৃষ্টি কৰিছে ৰহস্যঘন পৰিস্থিতিৰ ৷

লগতে পঢ়ক:  Indo china conflict: চীনৰ দখলত ভাৰতৰ ভূখণ্ড; মোদীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

Last Updated : Aug 30, 2023, 1:38 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.