Jal Jeevan Mission : জলজীৱন মিছনৰ ঠিকাৰ চি বি আই তদন্ত দাবী কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:14 PM IST

Updated : Nov 13, 2023, 4:06 PM IST

thumbnail

নগাঁও, 13 নৱেম্বৰ: জল জীৱন মিছনৰ ঠিকা প্ৰদান সন্দৰ্ভত কংগ্ৰেছ নেতালৈ মন্ত্ৰী জয়ন্তমল্লই জনোৱা আহ্বানৰ প্ৰত্যুত্তৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ৷ সোমবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে নিজ বাসভৱনতেই সংবাদ মেলৰ আয়োজন কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ চৰকাৰী কামৰ ঠিকা প্ৰদানৰ ৰাজহুৱা ঘোষণা কৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা এসময়ত কংগ্ৰেছৰ সাধাৰণ চিপাহী আছিল বুলি সংবাদ মাধ্যমত উল্লেখ কৰি মন্ত্ৰীগৰাকীক তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । 

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়, "বিজেপিত এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আপোন হ'বলৈ বেয়া কথা কোৱাৰ প্ৰতিযোগিতা চলিছে । মন্ত্ৰী জয়ন্তমল্ল বৰুৱাইয়ো এতিয়া ক্ষমতাত মত্ত হৈ প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে।" জলজীৱন মিছনৰ ঠিকা প্ৰদানেৰে কংগ্ৰেছ নেতাক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনোৱা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছনৰ ঠিকাৰ চিবিআই অথবা ইডিৰ জৰিয়তে তদন্ত কৰিবলৈ দাবী জনায় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

উল্লেখ্য যে, শেহতীয়াভাৱে কংগ্ৰেছ নেতা ভূপেন বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈক জলজীৱন মিছনৰ ঠিকা প্ৰদানৰ দৰ দামেৰে বিজেপিত যোগদানৰ বাবে আহ্বান জনাইছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷

লগতে পঢ়ক: Jayanta Malla Baruah : ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি, গৌৰৱ গগৈক ৪০ কোটিৰ অফাৰ

Last Updated : Nov 13, 2023, 4:06 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.