Karnataka poll updates: ডিব্ৰুগড়ত ফটকা ফুটাই আনন্দ উল্লাস কংগ্ৰেছ কৰ্মীৰ

By

Published : May 13, 2023, 7:42 PM IST

thumbnail

মৰাণ, ১৩ মে': কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত উৎফুল্লিত হৈছে কংগ্ৰেছ (Karnataka poll updates)। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে সংখ্য়াগৰিষ্ঠতা লাভ কৰাত ডিব্ৰুগড়ত ফটকা ফুটাই আনন্দ উল্লাস জিলা কংগ্ৰেছৰ । একক সংখ্যগৰিষ্ঠ আসনত কংগ্ৰেছে লাভ কৰাৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো শনিবাৰে কংগ্ৰেছৰ মাজত আনন্দৰ জোৱাৰ পৰিলক্ষিত হয় (Karnataka poll counting) ।

ডিব্ৰুগড় চহৰৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ নেতৃত্বই ফটকা ফুটাই পালন কৰিলে আৱতৰীয়া উৎসৱ । শনিবাৰে দুপৰীয়া জিলা কংগ্ৰেছে ৰাজীৱ ভৱনৰ সম্মুখত ফটকা ফুটাই আনন্দ কৰা পৰিলক্ষিত হয় (Congress excited over Karnataka results in Dibrugarh) । কংগ্ৰেছৰ নেতৃত্বই কয় যে কৰ্ণাটকত মিথ্যাচাৰৰ ৰাজনীতি নচলে  ৷ সেয়া প্ৰমাণিত হ’ল আৰু সেয়ে কৰ্ণাটকৰ লোকে কংগ্ৰেছক ভোট দিয়া বুলি কংগ্ৰেছ নেতৃত্বই মত প্ৰকাশ কৰে ।  

লগতে পঢ়ক:Karnataka poll updates: নলবাৰীত ফটকা ফুটাই আনন্দ উল্লাস কংগ্ৰেছ কৰ্মীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.