Lat Mandal arrested: 5 হাজাৰ টকাৰ ঘোচ লৈ হাত দাঙিলে লাট মণ্ডল গীতাঞ্জলি দাসে

By

Published : Mar 31, 2023, 10:57 PM IST

thumbnail

বাইহাটা চাৰিআলি, 31 মাৰ্চ: ৰাজ্যজুৰি অব্যাহত আছে হাত দঙা প্ৰক্ৰিয়া ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই কমলপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লাট মণ্ডল গীতাঞ্জলি দাসক উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় (CM Vigilance arrested Lat Mandal Gitanjali Das)৷ ইতিমধ্যে বিগত দিনকেইটাত কেইবাটাও ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকাৰ সময়তে হাতে লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰাৰ পিচতো বৰ্তমানেও শিক্ষা লোৱা নাই ঘোচখোৰ লাট মণ্ডলে  (Lat Mandal arrested at Baihata) ।  

যাৰ পৰিণতিত আজি দুৰ্নীতি নিবাৰক শাখাই কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ দুৰ্নীতি পৰায়ন লাট মণ্ডল গীতাঞ্জলি দাসক ( Lat Mandal Gitanjali Das) গ্ৰেপ্তাৰ কৰে । বাইহাটা নিবাসী সমীন মালীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়টোত অভিযান চলাই লাট মণ্ডল গীতাঞ্জলি দাসৰ টেবুলৰ ড্ৰয়াৰৰ পৰা নগদ পাঁচ হাজাৰ টকা জব্দ কৰে (CM Vigilance arrested Lat Mandal)।  

অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰাই লাট মণ্ডল গীতাঞ্জলি দাসে কাৰ্যালয়টোত সোঁৱে-বাঁওৱে ধন ঘটি আহিছিল । লাট মণ্ডলগৰাকী গ্ৰেপ্তাৰ হোৱাৰ খবৰ পাই একাংশ ভুক্তভোগী কাৰ্যালয়টোত উপস্থিত হৈ এনে দুৰ্নীতি পৰায়ণ কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক আদৰণি জনায় ৷ লগতে ঘোচখোৰ লাট মণ্ডল গীতাঞ্জলি দাসক কঠোৰতকৈ কঠোৰতম শাস্তি দিবলৈ অনুৰোধ জনায় । বিশাল সম্পত্তিৰ অধিকাৰী লাট মণ্ডল গীতাঞ্জলি দাস ৷ 

লগতে পঢ়ক:  Illegal Arunachali liquor seized: বোকাজানত ১৭ লাখ টকাৰ অৰুণাচলী সুৰা জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.