CM Relife Fund:মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ চেক বিতৰণ ৩২ গৰাকীলোকক

By

Published : Jul 4, 2023, 5:19 PM IST

thumbnail

তিনিচুকীয়া,4 জুলাই: মঙলবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ চেক বিতৰণ কৰিলে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৷ তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে সমষ্টিটোৰ ৩২ গৰাকী লোকক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ চেক বিতৰণ কৰে ৷ তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত মন্ত্ৰীজনৰ নিজা বাসগৃহৰ প্ৰাংগনত আয়োজন কৰে এই বিশেষ অনুষ্ঠান ৷ অনুষ্ঠানত দুখীয়া পৰিয়ালৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী আৰু বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীক ১০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷  

চেক প্ৰদানৰ পাছতে এই ধনেৰে দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত আৰু ৰোগীসকলৰ চিকিৎসাৰ যথেষ্ট সহায়ক হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ আনহাতে এনে পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৷

লগতে পঢ়ক:Drive Against Drugs: বাৰেকুৰি আঞ্চলিক যুৱক সংঘৰ সহযোগত আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.