ETV Bharat / state

Drive Against Drugs: বাৰেকুৰি আঞ্চলিক যুৱক সংঘৰ সহযোগত আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান

author img

By

Published : Jun 30, 2023, 2:02 PM IST

তিনিচুকীয়া আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে পুৱাৰে পৰা বাৰেকুৰি আঞ্চলিক যুৱক সংঘৰ বাৰেকুৰিৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ অভিযানত আৰক্ষীয়ে আহুখাটৰ পৰা দুজন আৰু কমলাপুৰ গাঁৱৰ পৰা এজন ড্ৰাগছ আসক্তক আটক কৰে যদিও পলায়ন কৰে আন কেইবাজনো ৷

Anti drugs operation at Makim In Tinsukia
আটক ড্ৰাগছ সেৱনকাৰী

আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান

তিনিচুকীয়া, 30 জুন: ৰাজ্যত ড্ৰাগছৰ দৰে মাৰাত্মক দ্ৰব্যৰ প্ৰতি নৱ প্ৰজন্মৰ একাংশৰ দিনক দিনে বাঢ়ি অহা পৰিলক্ষিত হৈছে ৷ এই সমস্যাই জটিল ৰূপ ধাৰণ কৰি ঠায়ে ঠায়ে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলটো দিনক দিনে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি হৈ অহা পৰিলক্ষিত হৈ আহিছে ৷ অৱশ্যে গাঁৱৰ ৰাইজ , স্থানীয় যুৱক সংঘ , দল-সংগঠন ,আৰক্ষী তথা প্ৰশাসন ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে ৷

তিনিচুকীয়া আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে পুৱাৰে পৰা বাৰেকুৰি আঞ্চলিক যুৱক সংঘই বাৰেকুৰিৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে আহুখাটৰ পৰা দুজন আৰু কমলাপুৰ গাঁৱৰ পৰা এজন ড্ৰাগছ আসক্তক আটক কৰে যদিও পলায়ন কৰে আন কেইবাজনো ৷ ইফালে পুনৰ বিশেষ সূত্ৰৰ পম খেদি মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি বৰুৱা আৰু আৰক্ষী বিষয়া অতুল কুমাৰৰ সহযোগিতাত নিশা মাকুমৰ লোহাৰী পট্টিৰ বাসিন্দা পাপু চেতিয়াৰ বাস গৃহত পাপু চেতিয়াৰ সৈতে নিখিল হাজৰিকা আৰু সঞ্জীৱ মৰাণ নামৰ তিনিজন ড্ৰাগছ সেৱনকাৰীক ড্ৰাগছৰ সৈতে আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আটকাধীন তিনিওজন যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰে 4.10 গ্ৰাম ওজনৰ ড্ৰাগছ ৷

পৰৱৰ্তী সময়ত ধৃত আটাইকে অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ লগতে অব্যাহত ৰাখিছে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি বৰুৱা, বাৰেকুৰি আঞ্চলিক যুৱক সংঘই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টাক শলাগ লৈছে ৰাইজে ৷ ইফালে অনাগত দিনতো ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী আৰু স্থানীয় যুৱক সংঘই ৷ এই ক্ষেত্ৰত যিকোনো তথ্য থাকিলে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : Majuli online fraud : সংবাদমেলযোগে ক্ষমা খুজিলে শিক্ষক বসন্ত শইকীয়াই; মাজুলী আৰক্ষীৰ ভূমিকালৈও সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.