CM at Tinsukia: নৱনিৰ্মিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

By

Published : May 18, 2023, 6:34 PM IST

thumbnail

তিনিচুকীয়া, 18 মে’: বৃহস্পতিবাৰে পুৱাই তিনিচুকীয়া জিলাৰ মাকুম শুকানপুখুৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাই তিনিচুকীয়া জিলাৰ মাকুমত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য বিভাগ, লোকনিৰ্মাণ বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয় (Himanta Biswa Sarma visits Tinsukia) ৷ লগতে মহাবিদ্যালয়ৰ চৌপাশত গছপুলি ৰোপন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ক্ৰুতিবিহীনভাৱে আৰু দ্ৰুততাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে (CM Himanta Biswa Sarma visits TMC) ৷  

চিকিৎসা মহাবিদ্যালয়খনক স্বীকৃতি প্ৰদানৰ অৰ্থে ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ওচৰত আবেদন জনাব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Tinsukia Medical College) ৷ সেয়েহে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসালয় আৰু আনুসংগিক নিৰ্মাণকাৰ্য অহা 10 ছেপ্তেম্বৰৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে শৰ্মাই ৷  

আনহাতে 2024 চনৰ মাৰ্চ মাহৰ ভিতৰত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণভাৱে নিৰ্মাণ হৈ উঠিব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উক্ত পৰিদৰ্শন কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ লগতে কেইবাগৰাকীও ৰাজ্য চৰকাৰ বিষয়া আৰু জিলা প্ৰশাসনৰ ব্যক্তি ৷

লগতে পঢ়ক: Left Organizations protest : মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নির্যাতনৰ ন্যায় বিচাৰি বাওঁপন্থী সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.