Christmas celebrated: ডিমা হাচাওত উছাহ-উদ্দীপনাৰে বৰদিন উদযাপন

By

Published : Dec 25, 2022, 8:00 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

সমগ্ৰ বিশ্বৰ লগতে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাত আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ব্যাপক উছাহ আৰু উদ্দীপনাৰে বৰদিন উদযাপন কৰে । জিলাখনৰ বিভিন্ন গীৰ্জাঘৰ সমূহত অনুষ্ঠিত হয় বৰদিনৰ প্ৰাৰ্থনা সভা(Christmas celebrated at Dima Hasao) । বৰদিন উপলক্ষে অসমৰ অন্যতম পাহাৰীয়া জিলাখনৰ বিভিন্ন গীৰ্জা ঘৰসমূহ লাইটৰ পোহৰৰে আলোকিত কৰি তোলা হৈছে ৷ শনিবাৰে নিশা 12 বজাত হাফলং চহৰৰ ডনবস্ক কেথলিক, সিনড আদিকে ধৰি বিভিন্ন গীৰ্জাঘৰসমূহত বৰদিনৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় । ইপিনে বৰদিনৰ উৎসৱত পাহাৰীয়া জিলাখনত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অংশ লয় । ইফালে বৰদিনৰ লগত সংগতি ৰাখি ডিমা হাছাও জিলাৰ গুণজোঙত তিনিদিনীয়াকৈ জুডিমা মহোৎসৱ আৰম্ভ হৈছে । 25 ডিচেম্বৰৰ পৰা 27 ডিচেম্বৰলৈকে চলিব এই জুডিমা মহোৎসৱ ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.