Minor suffering from severe disease: সন্তানৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান পিতৃ-মাতৃৰ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 8:19 PM IST

thumbnail

বাক্সা, ১৪ নৱেম্বৰ : বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত ম’হখুলি গাঁওৰ আনন্দ ৰামচিয়াৰী আৰু কুসুমী ৰামচিয়াৰীৰ একমাত্ৰ কন্যা এলিচা ৰামচিয়াৰী । জীৱনৰ অৰ্থ বুজি নোপোৱা এলিচা এতিয়া আক্ৰান্ত জটিল ৰোগত ৷ এলিচাৰ জীৱনলৈ নামি অহা দুঃসংবাদে থান-বান কৰি পেলালে পৰিয়ালটি ৷ কোনোমতে জীৱন নিৰ্বাহ কৰা পৰিয়ালটিয়ে দিক-বিদিক হেৰুৱাই অৱশেষত কাষ চাপিল সংবাদ মাধ্যমৰ ৷

পখিলা খেদি হাঁহি ধেমালি কৰি থকাৰ বয়সতে দুৰাৰোগ্য ৰোগে জটিল কৰি তুলিছে শিশুটিৰ জীৱন । জন্মৰ পিছৰে পৰা হাড়ৰ মজ্জা (Bone Marrow) ৰ ৰোগত ভুগি থকা শিশুটিৰ চিকিৎসা ইতিমধ্যে বহুদিন ধৰি চলি আছে ৷ চেন্নাইলৈয়ো নিয়া হৈছিল শিশুটিক । কিন্তু এতিয়া অপাৰেচনৰ বাবদ ত্ৰিশ লক্ষাধিক টকা খৰচ হ’ব বুলি পৰিয়ালটোৱে জানিব পাৰি উপায়ন্তৰ হৈ পৰিছে । এই বৃহৎ ধন যুগুটোৱাতো ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে তেওঁলোকৰ সন্মুখত । শিশুটিক নতুন জীৱন দিয়াৰ বাবে পৰিয়ালটোৱে যৎপৰোনাস্তি চেষ্টা চলাই ভাগৰি পৰিছে । পাঁচ বছৰীয়া শিশুটিক আৰোগ্য কৰি তোলাৰ নিমিত্তে পৰিয়ালটোৱে ৰাইজৰ পৰা বিচাৰিছে সহায় । আপোনালোকও যদি সহায় কৰিব বিচাৰে তেন্তে 8011563895 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ পৰিয়াটিৰ একাউন্ট নম্বৰ - 

Ananda Ramchiary A/C 41253822063  

IFSC-SBIN0061672  

Branch Code. 61672  

Mobile 8011563895 ৷

লগতে পঢ়ক : Minor Suffering From Cancer: পখিলা খেদাৰ বয়সতেই কৰ্কট ৰোগত আক্ৰান্ত যোৰহাটৰ এটি শিশু; সহায়ৰ আহ্বান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.