Model School Inauguration : ছাত্ৰ-ছাত্ৰীৰ সৈতে দুপৰীয়া আহাৰ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Jun 22, 2023, 6:46 PM IST

thumbnail

ৰঙাপৰা, 22 জুন : নিজ কৰ্মৰাজিৰে ৰাজ্যবাসীৰ মাজত জনপ্ৰিয়তা লাভ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিশুসকলৰ মাজতো সমানেই জনপ্ৰিয় ৷ সততে মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুযোগ পালেই শিশুসকলৰ সৈতে সময় অতিবাহিত কৰা দেখা যায় ৷ এইবাৰো ঠিক তেনে এক দৃশ্যই দেখা গ’ল শোণিতপুৰ জিলাৰ ৰঙাপাৰাত ৷

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে দুপৰীয়া আহাৰ গ্ৰহণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙাপাৰাত আদাবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ উদ্বোধন কৰে ৷ উদ্বোধন কাৰ্যসূচী সমাপন হোৱাৰ পিচতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বিদ্যালয়ৰ মজিয়াত বহি মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজন। 

দুপৰীয়াৰ আহাৰত আছিল ভাত, দালি, পনীৰ আৰু ভাজি। ভাত খোৱাৰ অন্তত ছাত্র-ছাত্ৰীসকলক গুৱাহাটী চিৰিয়াখানা দেখুওৱাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ বাগিচাৰ বুৰঞ্জীত এই আদৰ্শ হাইস্কুলসমূহ জ্ঞান আৰু আদৰ্শৰ প্ৰতীক হিচাপে পৰিগণিত হৈ ৰ’ব ৷ উল্লেখ্য যে আজিৰ দিনটোতেই মুখ্যমন্ত্ৰীগৰাকীয়ে শোণিতপুৰ 6 খনকৈ আদৰ্শ বিদ্যালয়ৰ উদ্বোধন কৰে ৷ 

ইফালে, মুখ্যমন্ত্ৰীৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰে সাংসদ পল্লৱ লোচন দাস, মন্ত্ৰী অশোক সিংহল আৰু ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে।

লগতে পঢ়ক: Fire Break out: আমগুৰিত বিধ্বংসী অগ্নিকাণ্ড; কথমপি প্ৰাণ ৰক্ষা এজনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.