Relief to flood affected families: গৰাখহনীয়াত বিধ্বস্ত ৫১ টা পৰিয়ালক চেক প্ৰদান

By

Published : Nov 8, 2022, 9:30 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

বান-গৰাখহনীয়াৰ কবলত পৰি বিধ্বস্ত হোৱা ডিব্ৰুগড় চহৰৰ উপকন্ঠ অঞ্চল মাইজান আৰু নগাঘূলীৰ ৫১ টা পৰিয়ালক মঙলবাৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই এক লাখ টকাকৈ চেক বিতৰণ কৰে (Cheque distribution to flood-affected families) ৷ মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজি আঁচনিৰ অধীনত (Chief Ministers Relief Fund) বিধায়কগৰাকীয়ে চেক বিতৰণ কৰি কয় যে গৰাখহনীয়াৰ সময়ছোৱাত মাইজানত ুপস্থিত হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি কংগ্ৰেছ, ৰাইজৰ দলৰ প্ৰতিনিধিসকলে মথাউৰিত উঠি কেৱল ছেল্ফিহে মাৰিলে, ৰাইজক সহায় কৰিব নোৱাৰিলে ৷ কিন্তু আজি আমি বিজেপি চৰকাৰে ৰাইজৰ লগত থাকি ৰাইজক বিপদৰ সময়ত সাহাৰ্য আগবঢ়াইছোঁ ৷ চেক বিতৰণৰ অনুষ্ঠানত অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা আৰু অসম চাহ মজদুৰ সংঘৰ বিষয় ববীয়াসকলৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে মাইজান আৰু নগাঘূলীত সৃষ্টি হোৱা ব্যাপক খহনীয়াত গৃহহীন হৈ পৰিছিল এইসমূহ পৰিয়াল ৷ কেইটামান দিনৰ পুৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)খহনীয়াগ্ৰস্ত অঞ্চলটো পৰিভ্ৰমণ কৰি দুৰ্ভগীয়া পৰিয়ালসমুহক সাহাৰ্য্য প্ৰদান কৰাৰ আশ্বাস দিছিল ৷ মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছতেই গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা দুৰ্ভগীয়া পৰিয়ালসমূহক মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজি আঁচনিৰ অধীনত এক লাখকৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হয় ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.