মৰাণত খেল মহাৰণ উদ্বোধন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 1:39 PM IST

thumbnail

মৰাণ,৮ ডিচেম্বৰ: ৰাজ্য চৰকাৰে গ্ৰাম্য প্ৰতিভাসমূহ উলিয়াই অনাৰ উদ্দেশ্যে ৰাজ্যজুৰি আৰম্ভ কৰিছে খেল মহাৰণ । যিহেতু অসমৰ হিমা দাস, লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়াকে ধৰি বহু কেইজন খেলুৱৈয়ে ক্ৰীড়া ক্ষেত্ৰত পদক জিনি সমগ্ৰ বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । সেয়ে চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । খেল মহাৰণৰ দৰে অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰাজ্য চৰকাৰে হাতত লোৱাৰ পাচতেই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ পৰা ওলাই আহিছে শ শ খেলুৱৈ ।  

সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণতো মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাং উচ্চতৰ মাধ্যমিক খেলপথাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সমষ্টি পৰ্যায়ৰ খেল মহাৰণ । অহা ১৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব লগা এই খেল মহাৰণত ১৬খন গাঁও পঞ্চায়তৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে । মৰাণ সমষ্টিৰ পঞ্চায়ত পৰ্যায়ত মুঠ ২০ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ৫ হাজাৰ খেলুৱৈয়ে সমষ্টি পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰা এই কাৰ্যসূচী উদ্বোধন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । এই খেল মহাৰণ কাৰ্যসূচীত প্ৰতিভাৱান খেলুৱৈ সকলে এখন উপযুক্ত মঞ্চ লাভ কৰিব বুলিও কয় বিধায়ক চক্ৰধৰ গগৈয়ে ।  

লগতে পঢ়ক: হাতত অস্ত্ৰ লৈ মানুহ মাৰিব বিচৰাটো কেতিয়াও সমৰ্থন নকৰো: চক্ৰধৰ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.