মণিপুৰৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গুৱাহাটীত উপস্থিত CBI ৰ সঞ্চালক প্ৰৱীণ সুদ

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 12:47 PM IST

Updated : Dec 18, 2023, 3:53 PM IST

thumbnail

মিৰ্জা/গুৱাহাটী, 18 ডিচেম্বৰ : গুৱাহাটীত উপস্থিত হৈছে CBI ৰ সঞ্চালক প্ৰৱীণ সুদ । সোমবাৰে দিল্লীৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় CBI সঞ্চালকগৰাকী । মণিপুৰৰ ঘটনাৰ তদন্তৰ বাবে গুৱাহাটীত উপস্থিত হৈছে প্ৰৱীণ সুদ ৷ 

উল্লেখ্য যে, মণিপুৰৰ ঘটনাক লৈ তদন্তৰ বাবে মহাৰাষ্ট্ৰৰ প্ৰাক্তন DGP দত্তাত্ৰেয় পাড়চালগিকাৰৰ নেতৃত্বত গঠিত হৈছে  SIT । এই SIT ৰ ৫ টা গোটৰ ভিতৰত এটা গোটৰ বিষয়া হিচাপে আৰক্ষী বিষয়া আনন্দ মিশ্ৰকো দায়িত্ব দিয়া হৈছে ৷ 

আজি এই ঘটনাৰ তদন্ত আগবঢ়াব CBI বিষয়াগৰাকীয়ে । বিমান বন্দৰত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই আদৰণি জনায় CBI প্ৰধানগৰাকীক । গুৱাহাটীত উপস্থিত হৈয়েই CBI গুৱাহাটী কাৰ্যালয়ত উপস্থিত হৈছে সঞ্চালক প্ৰধান প্ৰবীণ সুদ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনাত সোমাবাৰে বিয়লি ইম্ফলৈ ৰাওনা হ’ব CBI ৰ সঞ্চালকগৰাকী। সঞ্চালকগৰাকীৰ লগত থাকিব চিবিআইৰ এটা বিশেষজ্ঞৰ দলো ।

ইম্ফললৈ যোৱাৰ পূৰ্বে অসমৰ চিবিআইৰ কাৰ্যলয়ত এক বিশেষ বৈঠকত মিলিত হয় সঞ্চালকগৰাকী। আজি মণিপুৰৰ ঘটনা সন্দৰ্ভত নৱগঠিত SIT ৰ তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া অগ্ৰগতিৰ খতিয়ান ল’ব চিবিআইৰ সঞ্চালকগৰাকীয়ে। 

লগতে পঢ়ক: লাহে লাহে শান্তি ঘূৰি আহিছে মণিপুৰলৈ: এন বীৰেন সিং

Last Updated : Dec 18, 2023, 3:53 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.