Cattle thieves arrested in Guwahati: বামুণীমৈদামত গৰু চোৰক উত্তম মধ্য়ম সোধাই ৰাইজে গতালে আৰক্ষীক

By

Published : Feb 18, 2023, 10:26 AM IST

thumbnail

গুৱাহাটী , ১৮ ফেব্ৰুৱাৰী: ৰাজ্য়জুৰি গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ মাজতো অব্যাহত আছে গৰু চুৰিৰ লগতে সৰবৰাহ (Cattle smuggling in Assam)। আৰক্ষীৰ অভিযানৰ পাছতো ৰাজ্য়ৰ বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে গৰু চুৰি কাণ্ড । শেহতীয়াকৈ গুৱাহাটী মহানগৰীতো সংঘটিত হ’ব ধৰিছে গৰু চুৰিৰ ঘটনা ৷  শুক্ৰবাৰে মহানগৰীত গৰু চুৰিৰ অপৰাধত এটা চোৰক কৰায়ত্ব কৰি গতালে আৰক্ষীক ।

ঘটনাৰ বিৱৰণি অনুসৰি, গুৱাহাটী মহানগৰীৰ বামুণীমৈদামত পথৰ দাঁতিত চৰি থকা এটা গৰু পোৱালী চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল এটা গৰু চোৰ (Cattle Thieves arrested at Guwahati)। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, বামুণীমৈদাম অঞ্চলত গোৱাপাৰাৰ নুৰউদ্দিন আলী (৩০) নামৰ এটা ৰিক্সা চালকে অনুৰাধা ক'লনীৰ পৰা এটা গৰু পোৱালী চুৰি কৰি নিজৰ ই-ৰিক্সাখনত উঠাই দিনৰ ভাগতেই বামুণীমৈদাম ক'লনী বজাৰ অভিমুখে আহি আছিল । ৰিক্সা চালকৰূপী চোৰটোৱে ই-ৰিক্সাখনত গৰু পোৱালীটোটো বান্ধি কঢ়িয়াই নিয়াৰ সময়তে স্থানীয় একাংশ লোকৰ সন্দেহ ওপজে ।

ৰিক্সাখন বামুণীমৈদাম ৰে'লবে ক'লনী গেটৰ ওচৰত ৰখোৱাৰ সময়তে স্থানীয় একাংশ লোকে ৰিক্সা চালকটোক সোধ পোচ কৰে যদিও সঠিক উত্তৰ দিব নোৱাৰি তাৰ পৰা পলায়নৰ চেষ্টা কৰে । পিছত স্থানীয় একাংশ লোকে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত বহু লোক সমবেত হয় । পিছত একাংশ লোকে চোৰটোক কৰায়ত্ব কৰি উত্তম-মধ্যম সোধোৱাত গৰু পোৱালীটো চুৰি কৰি অনাৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হয় ।

ইয়াৰ পিছতেই স্থানীয় ৰাইজে চান্দমাৰি থানাৰ আৰক্ষীক এই বিষয়ে অৱগত কৰে (Chandmari Police Station) । স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা চান্দমাৰি আৰক্ষীৰ এটা দলে উত্তেজিত ৰাইজৰ কবলৰ পৰা গৰু চোৰটোক উদ্ধাৰ কৰি বাহনসহ থানালৈ লৈ আনে । এই চুৰি ঘটনা সন্দৰ্ভত চান্দমাৰি আৰক্ষীয়ে ধৃত গৰু চোৰ নুৰউদ্দিন আলীৰ বিৰুদ্ধে এটা গোচৰ ৰজু কৰে । গৰু চোৰটোক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে অভিযুক্তক জেললৈ প্ৰেৰণ কৰে । উল্লেখ্য় যে বামুণীমৈদামৰ এই অঞ্চলটোত ইয়াৰ পূৰ্বেও এনেধৰণৰ কেইবাটাও গৰু চুৰিৰ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Mahashivratri 2023: এইদৰে মহাশিৱৰাত্ৰিত কৰক মহাদেৱৰ আৰাধনা, জীৱন ভৰি পৰিব সুখ-সমৃদ্ধিৰে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.