Cattle smuggling in Assam: মধ্য অসমত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ

By

Published : Mar 9, 2023, 12:41 PM IST

thumbnail

নগাঁও, 9 মাৰ্চ : মধ্য অসমত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) । পুৱতি নিশা নগাঁও আৰক্ষীৰ অভিযানত জব্দ চোৰাংকৈ সৰবৰাহ কৰা 20 টাকৈ পশুধন (cattle smuggling in Nagaon) । গৰুৰ চোৰাং সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক ।

ৰাজ্যত আৰক্ষী সক্ৰিয় হৈ থকাৰ পিচতো অব্যাহত আছে পশুধনৰ চোৰাং বেহা । মধ্য অসমৰ নগাঁৱতো গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে একাংশ ব্যৱসায়ীয়ে । বৃহস্পতিবাৰে পুৱতি নিশা নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীয়ে পুনৰ অভিযান চলাই চোৰাংকৈ গৰু সৰবৰাহ কৰা এখন গৰুভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । 

নুমলীগড়ৰ পৰা যোৰাবাট অভিমুখে গৈ থকা অৱস্থাত নগাঁও আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন (cattle smuggling in Assam) । ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিছে প্ৰায় ২০ টাকৈ পশুধন ৷ নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ চালক-হেণ্ডিমেন চৰকাৰ আলী আৰু আজান আলীকো আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ৷ 

জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হ’ল - AS 01HC 9648 । বাতৰি যুগুত কৰা পৰ্যন্ত সৰবৰাহ কৰাৰ সময়ত আৰক্ষীয়ে জব্দ কৰা গৰুৰ কোনো বৈধ নথি পত্ৰ আৰক্ষীক দাখিল কৰিব পৰা নাই বুলিও জানিব পৰা গৈছে । 

লগতে পঢ়ক : Suspected Jihadi arrested: নগাঁৱত গ্ৰেপ্তাৰ হোৱা 5 সন্দেহজনক জেহাদীক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.