Cattle smuggling in Boko : বকো শিংৰাৰ সমীপত উদ্ধাৰ ৭ টা গৰু

By

Published : Dec 17, 2022, 12:37 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

চোৰাংকৈ সৰবৰাহ কৰা গৰুৰ বিৰুদ্ধে বকো আৰক্ষীৰ অভিযান (Cattle smuggling in Assam)। অভিযানকালত বকো শিংৰাৰ সমীপত ৭ টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে(Cattle smuggling in Boko) । গৰু সৰবৰাহকাৰী ৩ টাক আটক কৰে আৰক্ষীয়ে । এখন টাটা ডি আই বাহনেৰে চোৰাংভাৱে কঢ়িয়াই আনিছিল গৰুকেইটা ৷ গৰু সৰবৰাহ কৰা বাহনখন জব্দ কৰে আৰক্ষীয়ে । জব্দকৃত বাহনখনৰ নম্বৰ AS25 DC 6075 ৷ আটক খইমুদ্দিন আলী, জাকিৰদ্দিন আহমেদ আৰু জীতেন ৰাভা । সৰবৰাহকাৰী কেইটাৰ ঘৰ বকোৰ বাঘৰগাঁৱত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ কুমাৰ নাথৰ নেতৃত্বত চলোৱা হৈছিল অভিযান ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.