Cattle smuggling in Nagaon:তামোলৰ বাকলিভৰ্তি বস্তাৰে ঢাকি গৰুৰ চোৰাং সৰবৰাহ

By

Published : May 8, 2023, 2:24 PM IST

thumbnail

কলিয়াবৰ, ৮ মে':ৰাজ্য়ৰ বিভিন্ন ঠাইত নতুন কৌশলৰে গৰুৰ চোৰাং সৰবৰাহ অব্য়াহত (Cattle smuggling at Kaliabor)। ৰাজ্য়ৰ আন ঠাইৰ লগতে কলিয়াবৰতো বৰ্তমানে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ ইয়াৰ মাজতেই কলিয়াবৰত জব্দ ৬টাকৈ গৰু (Police seized vehicle loaded with cattle)। আৰক্ষীৰ জালত পৰিছে নজিবুল ইছলাম নামৰ এটা গৰুৰ চোৰাং সৰবৰাহকাৰী ।

যোৰহাটৰ পৰা মেঘালয়লৈ সৰবাৰাহ কৰাৰ সময়তে আৰক্ষীয়ে ৬টা গৰুসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য় যে আৰক্ষীৰ অভিযানত পূৰ্বেও মেঘালয়লৈ গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছিল । এ এছ ০৩ চি চি ৪১৯৪ নম্বৰৰ এখন মিনি ট্ৰাকত ওপৰত তামোলৰ বাকলিভৰ্তি বস্তাৰে ঢাকি তলত লুকুৱাই আনিছিল ৬ টাকৈ চোৰাং গৰু ।

যোৰহাটৰ কাকজানৰ পৰা মেঘালয়লৈ নি থকা অৱস্থাত জখলাবন্ধা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই গৰুভৰ্তি বাহনখন জব্দ কৰে (Cattle smuggler arrested in Kaliabor)। আৰক্ষীয়ে গৰু কেইটাৰ ওপৰত থকা তামোলৰ বাকলিৰ বস্তা সমূহ আতৰাই গো-শালালৈ প্ৰেৰণ কৰে গৰু কেইটা ।

লগতে পঢ়ক:Majuli Central Rongali Bihu Sanmilan: মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.