Morigaon mob lynching: মৰিগাঁৱৰ গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত গোচৰ দাখিল

By

Published : Jul 25, 2023, 2:27 PM IST

thumbnail

মৰিগাঁও, 25 জুলাই : মৰিগাঁৱৰ আঁহতগুৰিত গৰু চোৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতি সন্দৰ্ভত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সংবাদ মেল ৷ সংবাদ মেলযোগে উত্তেজিত জনতাৰ আক্ৰমণত কেইবাগৰাকী আৰক্ষী আহত বুলি কয় জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে । দুজনৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰাৰ লগতে আৰক্ষীক দায়িত্ব পালন কৰাত বাধা ৷ 

উন্মত্ত লোকে আৰক্ষীৰ এখন বাহনো ক্ষতিগ্ৰস্ত কৰে বুলি জানিবলৈ দিয়ে । আনকি আৰক্ষীৰ দায়িত্ব পালনতো জনতাই বাধা দিয়া বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে । 

উল্লেখ্য যে, জিলাখনৰ আঁহতগুৰিৰ কলিয়া দাস নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা গৰু চুৰি কৰোতেই হাতে লোটে ধৰা পৰে 6 টাকৈ চোৰ ৷ ইয়াৰে 3 টা চোৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে যদিও বাকী তিনিটা চোৰক আটক কৰি গণপ্ৰহাৰ কৰে স্থানীয় ৰাইজে । ইতিমধ্যে গণ প্ৰহাৰৰ ফলত এটা চোৰৰ মৃত্যু হৈছে । চোৰকেইটাৰ‌ ঘৰ আঁহতগুৰিৰ সমীপৰ তথা ধৰমতুল থানাৰ অন্তৰ্গত বৰবৰীৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । 

লগতে পঢ়ক : Mob lynching in Morigaon: গণ প্ৰহাৰত ছাদ্দাম হুছেইনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.