Car theft: বশিষ্ঠত বলেৰ’ বাহন চুৰি

By

Published : Jun 11, 2023, 10:25 PM IST

thumbnail

গুৱাহাটী,১১ জুন: মহানগৰী গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা । মহানগৰীৰ স্মাৰ্ট আৰক্ষীক অপেন চেলেন্স দি দুৰ্বৃত্তই সংঘটিত কৰিছে ইটোৰ পিছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপ । চুৰি, ডকাইতি, হত্যা, নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ এতিয়া যেন সাধাৰণ ঘটনাত পৰিণত হৈছে গুৱাহাটী মহানগৰীত ।  

আৰক্ষীৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ অপৰাধীয়ে কৰি গৈছে অপৰাধমূলক কাৰ্য । পুনৰ তেনে এক ঘটনাই সংঘটিত হ’ল বশিষ্ঠত । গৰাকী শুই থকাৰ সুযোগ গ্ৰহণ কৰি লৈ গ'ল বলেৰ' বাহন । বশিষ্ঠৰ পাটৰকুছিত সংঘটিত হৈছে চুৰিকাণ্ড । শুক্ৰবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এই চুৰিকাণ্ড । চুৰি হোৱা বলেৰ' বাহনখনৰ নম্বৰ AS 13 K 6906 ।  এই ঘটনাৰ পিছতে বশিষ্ঠ আৰক্ষী থানাৰ কাষ চাপিছে যদিও বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই বাহনখনৰ গৰাকী মহৰ আলীয়ে । 

লগতে পঢ়ক: Preparation for flood: ৰাজপথত গাঁত থাকিব নোৱাৰিব; জিলা আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.