Garbage in Chiang River Bank: আবৰ্জনাৰে ভৰিছে চিয়াং লালী নদীৰ পাৰ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:24 PM IST

thumbnail

জোনাই,১২ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা জোনাইৰ সংৰক্ষিত পবা বনাঞ্চল তথা পৰ্যটনস্থলীৰূপে পৰিচিত তিনিমাইল বিটৰ চিয়াং লালী নদীৰ পাৰত এতিয়া ভৰি পৰিছে বিভিন্ন প্লাষ্টিকৰ আৱৰ্জনাৰে । জোনাই অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পবাৰ তিনিমাইলৰ চিয়াং লালী নদীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অহা লোকে বিভিন্ন প্লাষ্টিকৰ পেকেট পেলাই আবৰ্জনা সৃষ্টি কৰাক লৈ জোনাইৰ সচেতন মহলে আশ্চর্য প্ৰকাশ কৰে ।  

উল্লেখযোগ্য যে, প্লাষ্টিকৰ আৱৰ্জনাবোৰ পেলাবলৈ বিভাগীয় কৰ্তৃপক্ষই দুটাকৈ ডাষ্টবিনৰ ব্যৱস্থা কৰিছে যদিও আৱৰ্জনাবোৰ ডাষ্টবিনত নেপেলাই যধে মধে পেলাই এক কৰ্দয্যময় পৰিৱেশৰ সৃষ্টি কৰিছে । সেয়ে সংবাদমাধ্যমৰ যোগেৰে জোনাইৰ পৰ্যটনস্থলীৰূপে পৰিচিত পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বিটৰ চিয়াং লালী নদীৰ পাৰক প্ৰদূষণ মুক্ত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনাইছে স্থানীয় ৰাইজে । 

লগতে পঢ়ক: Extra marital affair : পৰকীয়া প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে শুকুৰ আলীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.