Rangapara murder case: ঢেকিয়াজুলিত দিন দুপৰতে মহৰী উত্তম দাসক হত্যা, অভিযোগৰ আঙুলি নিৰঞ্জন খোদাললৈ

By

Published : May 19, 2023, 8:53 PM IST

thumbnail

ৰঙাপৰা, 19 মে’: শোণিতপুৰ জিলাৰ শ্বহীদ নগৰীখ্যাত ঢেকিয়াজুলিত অঘটন ৷ শুকুৰবাৰে ঢেকিয়াজুলিত সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা (Rangapara murder case)। মাজ ৰাস্তাতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে এজন লোকক ৷ চোকা অস্ত্ৰৰ প্ৰহাৰত থিতাতে নিহয় হয় লোকজন ৷ নিহত লোকজন উত্তম দাস বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক তীব্ৰ চাঞ্চল্যৰ ৷

তথ্য অনুসৰি, ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দিন দুপৰতে মহৰী উত্তম দাসক হত্যা কৰে নিৰঞ্জন খোদাল নামৰ এজন লোকে । মাটি-বাৰী সংক্ৰান্তীয় ঘটনাৰ বাবে মহৰী উত্তম দাসক আলিছিঙাৰ নিৰঞ্জন খোদালে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মহৰী উত্তম দাসক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ৷

তাৰ পাচতে অভিযুক্ত খোদালে ঢেকিয়াজুলি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে । ইফালে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰিয়েই ঘটনাস্থলীত ঢেকিয়াজুলি আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷ লগতে মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায় ।

ঘটনাৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘এনেধৰণৰ হত্যাকাণ্ডক আমি কেতিয়াও সমৰ্থন নকৰো আৰু ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো । হত্যাকাণ্ডটোৰ আঁৰত মাটি-বাৰীৰ সম্পৰ্কীয় কথা থাকিব পাৰে, সেয়া নুই কৰিব নোৱাৰি । সমগ্ৰ ঘটনা জিলা প্ৰশাসনে উচিত তদন্ত কৰাৰ ব্যৱস্থা কৰক’’ ।  

লগতে পঢ়ক : Junmoni Rabha updates: ‘‘মোৰ ছোৱালীজনীক ন্যায় দিয়ক’’; জোনমণিৰ মাতৃয়ে মাথোঁ উচুপিছে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.