ব্ৰাহ্মণ ছোৱালী বিয়া নপতাৰ বাবে এঘৰীয়া কৰিলে তিনিটা পৰিয়ালক

By

Published : Aug 18, 2022, 11:49 AM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ল (75th Independence day of India)। উন্নয়নৰ দিশত অগ্ৰসৰ ভাৰত তথা অসম । বিশ্বৰ উন্নত ৰাষ্ট্ৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আমাৰ দেশ । কিন্তু এতিয়াও আমাৰ সমাজত বহু কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু পুৰণিকলীয়া ৰীতি-নীতি আছে । যিবোৰ বছৰ বছৰ ধৰি চলি আহিছে । শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন হোৱা স্বত্বেও আজিৰ সমাজত চলি অহা কিছুমান নীতি-নিয়ম কিন্তু আজিও সলনি হোৱা নাই । ঠিক তেনেদৰে শেহতীয়াকৈ অসমত আৰম্ভ হৈছে ব্ৰাহ্মণ বিতৰ্ক (Brahmin controversy in Assam)। এই বিতৰ্ক চলি থকাৰ মাজতে ব্ৰাহ্মণ সমাজৰ আন এক ক'লা অধ্যায় পোহৰলৈ আহিছে (Racism in Brahmin society)। ব্ৰাহ্মণ ছোৱালীৰ বাহিৰে আন জাতি বা আন সম্প্ৰদায় বা আন বৰ্ণৰ ছোৱালী বিয়া পাতিলে আপোনাক এঘৰীয়া কৰা হ'ব (Rules and regulations of Brahmin society)। এই নিয়ম কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ আগডলা নামৰ গাঁৱৰ । আন জাতি বা বৰ্ণৰ ছোৱালী বিয়া পতাৰ বাবেই ইতিমধ্যে গাঁওখনৰ তিনিটাকৈ পৰিয়ালক এঘৰীয়া কৰিছে গাঁৱৰ ৰাইজে । কেৱল এয়াই নহয় পুনৰ গাঁৱৰ সৈতে লগ হ'বলৈ যথেষ্ট পৰিমাণৰ ধন দাবী কৰিছে গাঁৱৰ একাংশ লোকে । এই অভিযোগ ভুক্তভোগী পৰিয়ালকেইটাৰ । পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰা মতে দাবী কৰা ধন দিব নোৱাৰা বাবেই কেইবা বছৰ ধৰি তেওঁলোকক এঘৰীয়া কৰি ৰখা হৈছে (Incidents of casteism in Brahmin society at Baihata Chariali)। বৰ্তমান সময়ত সমাজৰ এনে কঠোৰ নীতি-নিয়ম দেখি আচৰিত হৈছে পৰিয়ালকেইটা । যাৰ বাবে পৰিয়ালকেইটা সংবাদমাধ্যমৰ কাষ চাপিছে । লগতে সমগ্ৰ বিষয়টো উপায়ুক্তক অৱগত কৰাৰো সিদ্ধান্ত লৈছে ভুক্তভোগী পৰিয়ালকেইটাই । ইফালে সমগ্ৰ প্ৰক্ৰিয়াটো কেইগৰাকীমান লোকৰ নেতৃত্বত চলি থকা বুলিও অভিযোগ কৰিছে পৰিয়ালকেইটাই (3 Brahmin families in Baihata Chariali are victims of casteism)। লক্ষণীয়ভাৱে বৰ্তমানৰ বিজ্ঞানৰ যুগত এই ধৰণৰ কৰ্মকাণ্ডই এতিয়া উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.