Book rally: শিশু দিৱসৰ সৈতে সংগতি ৰাখি টীয়কত ’গ্ৰন্থ যাত্ৰা’ শীৰ্ষক শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:25 PM IST

thumbnail

টীয়ক, 14 নৱেম্বৰ: টীয়কৰ মুদৈজান ভৰলুৱাৰ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ৰ’দালী পুথিভঁৰালৰ উদ্যোগত মঙলবাৰে শিশু দিৱস পালন কৰা হয় ৷ এই উপলক্ষে ’গ্ৰন্থ যাত্ৰা’ শীৰ্ষক এক শোভাযাত্ৰা উলিয়ায় বিদ্যালয় কৰ্তৃপক্ষই । ’গ্ৰন্থ দান মহান দান’ শ্লোগানেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, মাতৃ গোট তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিছে উক্ত শোভাযাত্ৰাত ৷ 

উল্লেখ্য যে, বিগত তিনিটা বছৰে ৰ’দালী পুথিভঁৰালে এই বিশেষ দিনটোত গ্ৰন্থ যাত্ৰা কৰি আহিছে আৰু ইতিমধ্যে প্ৰায় দুই হাজাৰৰো অধিক গ্ৰন্থ পুথিভঁৰালত জমা কৰিছে । মূলতঃ ছাত্ৰীসকলৰ লগতে গ্ৰাম্যঞ্চলত কিতাপ পঢ়াৰ অভ্যাস তথা কিতাপ পঢ়াৰ আনন্দ আৰু উপকাৰিতা অনুধাৱন কৰি এক সুস্থ পৰিবেশ গঢ় দিয়াৰ উদ্দেশ্যেৰে উক্ত কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে উদ্যোক্তাসকলে ।

ইপিনে উক্ত শোভাযাত্ৰাৰ পাছতে বিদ্যালয়তে এখনি মুকলি সভাৰ আয়োজন কৰিছে আয়োজকসকলে ৷ উক্ত সভাত বৃহত্তৰ টীয়কৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব বুলি জানিব দিয়ে উদ্যোক্তাসকলে ৷

লগতে পঢ়ক: Children’s Day 2023: উজনি মাজুলী শিল্পকলা বিদ্যালয়ত শিশু দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.