Cattle seized at Bokakhat: এইবাৰ বিলাসী বাহনত গৰুৰ চোৰাং সৰবৰাহ

By

Published : Oct 25, 2022, 3:47 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ কাৰ্য (Cattle smuggled in Assam) ৷ এইবাৰ বিলাসী বাহনৰ সহায়ত গৰু সৰবৰাহ কৰিবলৈ লৈছে একাংশই ৷ এই ঘটনা বোকাখাতৰ ৷ বিলাসী বাহনত ভৰাই গৰু সৰবৰাহ কৰিছিল দুজন লোকে (Cattle smuggled at Bokakhat) ৷ গোপন সূত্ৰৰ ভিত্তিত দেৰগাঁৱৰ পৰা নগাওঁ অভিমুখে গৈ থকা AS01Z-3921 নম্বৰৰ স্কৰ’পিঅ বাহন এখনত বোকাখাত আৰক্ষীয়ে তালাচী চলাই 6 টাকৈ গৰু উদ্ধাৰ কৰে (Police seized vehicle loaded with cattle) ৷ লগতে গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত চামগুৰিৰ জানাতুল হক আৰু ছহিদুল ইছলাম নামৰ দুজন যুৱকক আটক কৰে আৰক্ষীয়ে (Cattle smuggler arrested by Bokakhat Police) ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.