Krishna Janmashtami 2023: নন্দোৎসৱ উপলক্ষে বৰপেটাত বোকাভাওনা

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 2:17 PM IST

thumbnail

বৰপেটা, ৭ ছেপ্টেম্বৰ: শ্ৰীকৃষ্ণ বন্দনাত মুখৰিত দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত । গোঁসাই ওপজাৰ দিনটোত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত । একেই পৰিৱেশ বিৰাজ কৰিছে বৰপেটা সত্ৰতো । বৰপেটা সত্ৰত পালিত উৎসৱ-পাৰ্বণসমূহৰ ভিতৰত নন্দোৎসৱ অন্যতম ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনা বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ ৷ নন্দোৎসৱক বৰপেটাত স্থানীয়ভাৱে 'পেকযাত্ৰা' বুলিহে কোৱা হয় ৷  

বিগত বৰ্ষবোৰৰ দৰেই নন্দোৎসৱ উপলক্ষে সত্ৰত পূৰ্বা ৰীতি-নীতি অনুসৰি পুৱাই গীত, ভটিমা গাই বন্তি প্ৰজ্বলনৰ লগতে নাম-প্ৰসংগত চৰণ, যুগল, পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷ নন্দোৎসৱ উপলক্ষে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দেৎসৱ নাটত শিশু কৃষ্ণৰ ভাও লৈ শিশুসকলে গীত-মাত কৰে ৷ ইফালে ব্ৰজধামত শিশু কৃষ্ণৰ জন্মৰ পিছত হোৱা আনন্দ-উল্লাসৰ অনুকৰণত বৰপেটা সত্ৰত নন্দোৎসৱৰ দিনটোত বোকাভাওনা অনুষ্ঠিত কৰা হয় ৷  

বৃহস্পতিবাৰৰ দিনটোত গায়ন-বায়ন আৰু নাম প্ৰসংগত বহু ভকতে অংশগ্ৰহণ কৰাৰ লগতে সত্ৰীয়া ৰীতি-পৰম্পৰাৰে গায়ন-বায়নে শিশুলীলা পাঠ কৰি নন্দোৎসৱ পালন কৰে ৷ ইপিনে বৰপেটা সত্ৰৰ গুৰুআসনৰ পিছৰ ফালে দৈব্যজ্ঞই শ্ৰীকৃষ্ণৰ জন্মৰ গণনা সম্পন্ন কৰে ৷ ইয়াৰ পিছতে বৰপেটা সত্ৰৰ গায়ন- বায়ন প্ৰমুখ্যে ভকতসকলে নাম গাই বৰপেটা সত্ৰৰ গুৰুআসনৰ চাৰিও দিশে ৫ বাৰ পদক্ষিন কৰি সত্ৰৰ পশ্চিম দুৱাৰেৰে বাহিৰলৈ আহি সত্ৰৰ মূল কীৰ্ত্তন ঘৰৰ চাৰিফালে ৭ত পাক ঘূৰি মঠৰ চোতালত নামৰ সামৰণি মাৰে ৷ ইয়াৰ লগে লগে বৰপেটা সত্ৰত পালিত নন্দোৎসৱৰ সামৰণি পৰে ৷

লগতে পঢ়ক: Theft in Tinsukia: দাদা তলত টকা পৰিছে ! এইদৰে কৈ বেগ কাঢ়ি পলায়নৰ চেষ্টা চোৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.