ETV Bharat / state

Theft in Tinsukia: দাদা তলত টকা পৰিছে ! এইদৰে কৈ বেগ কাঢ়ি পলায়নৰ চেষ্টা চোৰৰ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 1:27 PM IST

Thieves in Tinsukia
ডুমডুমাত টকাৰ বেগ কাঢ়ি লৈ পলায়নৰ চেষ্টা চোৰৰ

ডুমডুমাত দিন দুপৰতে চোৰৰ সন্ত্ৰাস ৷ টকাৰ বেগ লৈ পলায়ন কৰা চোৰক খেদি খেদি ৰাইজে কৰায়ত্ব কৰিলে ৷

ডুমডুমাত টকাৰ বেগ কাঢ়ি লৈ পলায়নৰ চেষ্টা চোৰৰ

তিনিচুকীয়া, 7 ছেপ্তেম্বৰ : সাৱধান ! বেংকৰ পৰা টকা ওলিয়াই ওভতাৰ সময়ত আপুনিও সাৱধানতা অৱলম্বন কৰক ৷ কাৰণ চোৰৰ টাৰ্গেট আপুনিও হ’ব পাৰে ৷ তিনিচুকীয়াৰ ডুমডুমাত দিন দুপৰতে চোৰৰ সন্ত্ৰাস ৷ বেংকৰ পৰা টকা উলিয়াই অহাৰ সময়তেই এজন লোকৰ পৰা টকাৰ বেগ কাঢ়ি পলায়ন চেষ্টা চোৰৰ ৷ অৱশেষত ৰাইজে কৰায়ত্ব কৰে চোৰটোক ৷ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমা নগৰত সঘনাই সংঘটিত হ’বলৈ ধৰিছে ইটোৰ পাচত সিটো চুৰি কাণ্ড ৷

ঘটনা অনুসৰি ৰূপাইৰ এজন লোকে বৃহস্পতিবাৰে ডুমডুমাৰ এটা বেংকৰ পৰা ধন উলিয়াই গৈ আছিল ৷ তেনে সময়তেই ডুমডুমা আৰন্ধৰা কমপ্লেক্সৰ সমীপত ব্যক্তিজনৰ পৰা টকাৰ বেগ কাঢ়ি পলায়ন কৰে চোৰটোৱে । কিন্তু ব্যক্তিজনে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰে চোৰটোক ৷ পৰৱৰ্তী সময়ত ৰাইজে চোৰটোক আৰক্ষীক গতাই দিয়ে ৷ ফলত লোকজনে টকাখিনি হেৰুৱাৰ পৰা ৰক্ষা পৰে ৷

আনহাতে ভুক্তভোগী লোকজনৰ ভাষ্য অনুসৰি, ‘‘মই বেংকৰ পৰা টকা উলিয়াই আহি আছিলো ৷ তেনেতে দাদা পইচা তলত পৰি আছে বুলি ক’লে সি ৷ মই ভাবিলো জেপৰ পৰা টকা পৰিছে বুলি ৷ কাৰণ কেতিয়াবা জেপৰপৰা মোবাইল উলিৱাওতে জেপৰ পৰা টকা পৰে ৷ সেয়ে পৰি থকা টকা বুটলিবলৈ ধৰোতে মোৰ গাড়ীৰ পৰা টকাৰ বেগটো লৈ পলায়ন কৰে ৷ পাচত ৰাইজে খেদি খেদি কৰায়ত্ব কৰে চোৰটোক ৷’’

উল্লেখযোগ্য যে, ডুমডুমা নগৰত সঘনাই এনেধৰণৰ দিন ডকাইতি ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ যাক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ একাংশৰ মতে অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ বাবেই সংঘটিত হৈছে এনে ঘটনাৰ । গতিকে আৰক্ষীক এনে ঘটনা ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে সাধাৰণ জনতাই ৷

লগতে পঢ়ক:CRPF Jawan death: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা CRPF জোৱানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.