Blood donation camp: ৭৭ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰ

By

Published : Aug 15, 2023, 5:28 PM IST

thumbnail

বিশ্বনাথ, ১৫ আগষ্ট: বিশ্বনাথ জিলা কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ’চিয়েচনে প্ৰথমবাৰৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালত ৰক্তদান শিবিৰ আয়োজন কৰে । এটোপাল ৰক্তই আন এজনক নতুন জীৱন দিব পাৰে সেই উদ্দেশ্যে আগত ৰাখি লগতে দেশৰ ৭৭ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ’চিয়েচনৰ সদস্যসকলে ৰক্তদান কৰে ।

বিভিন্ন সময়ত বিভিন্ন সামাজিক কামত জড়িত থকা বিশ্বনাথ জিলা কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ’চিয়েচনৰ সদস্যসকলে কয়, ৰক্তদান কৰিলে মানৱ দেহৰ 
অনেক ৰোগৰ পৰাও পৰিত্ৰাণ পোৱা যায় ৷ কিন্তু সমাজৰ মাজত এতিয়াও ৰক্তদান প্ৰতি সচেতনাৰ অভাৱ হোৱাৰ বাবে দুখ প্ৰকাশ কৰে এচ’চিয়েচনৰ সদস্যসকলে ৷ বিশ্বনাথ জিলা কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ’চিয়েচনৰ ৫০ জনৰো অধিক সদস্যই আজি ৰক্তদান কৰে ৷

লগতে পঢ়ক: 77th Independence Day: ডিমা হাছাও জিলাত মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই উত্তোলন কৰে পতাকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.