ETV Bharat / state

77th Independence Day: ডিমা হাছাও জিলাত মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই উত্তোলন কৰে পতাকা

author img

By

Published : Aug 15, 2023, 4:22 PM IST

77th  Independence Day
ডিমা হাছাও জিলাত মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই উত্তোলন কৰে পতাকা

ডিমা হাছাওত দেশৰ 77 সংখ্যক স্বাধীনতা দিৱস উদযাপন ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই উত্তোলন কৰে পতাকা ৷ পতাকা উত্তোলনৰ পাচত তেওঁ ভাষণ প্ৰসংগত জিলাখনৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে ৷

ডিমা হাছাও জিলাত মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই উত্তোলন কৰে পতাকা

হাফলং 15 আগষ্ট: সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি ডিমা হাছাও জিলাত 77 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । জিলা প্ৰশাসনৰ উদ্যোগত হাফলং জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত পুৱা 9 বজাত আনুষ্ঠানিকভাৱে জাতীয় পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ৷ দেবলাল গাৰ্লচাই শ্বহীদ তৰ্পণ কৰাৰ ইয়াৰ পিচত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ লোৱা আৰক্ষী গৃহৰক্ষী বাহিনী, পঞ্চম আৰক্ষী বেটেলিয়ন, এনচিচি. স্কাউট-গাইডৰ অভিবাদন গ্ৰহণ কৰে ।

মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই জাতীয় পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত কয়, ডিমা হাছাও জিলাত এক সময় অশান্তি বিৰাজ কৰিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ডিমা হাছাও জিলাৰ ৰাইজৰ সহযোগিতাত এতিয়া পাহাৰীয়া জিলাত শান্তি ঘূৰি আহিছে । জিলাখনত উন্নয়নৰ কাম আৰম্ভ হৈছে ।

দেবলাল গাৰ্লোচাই নিজৰ ভাষণত কয় 2016 চনৰ আগতে ডিমা হাছাও জিলাৰ অৱস্থা কেনেকৈ আছিল । কিন্তু 2016 চনৰ পিচতে ডিমা হাছাও জিলাৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে । শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, পথ সকলো ক্ষেত্ৰত উন্নয়নৰ পথ প্ৰশস্ত হৈছে বুলি মন্তব্য কৰি তেওঁ কয় প্ৰধামন্ত্ৰীৰ বাবে এতিয়া দিল্লীত ডিমাছা ভৱন নিৰ্মাণৰ কাম চলি আছে । তেওঁ আৰু কয় যোৱা 60 বছৰত ডিমা হাছাও জিলাত উন্নয়নৰ কাম তেনেকৈ কাম হোৱা নাছিল ৷ বিজেপিৰ চৰকাৰ অহাৰ পিচতে ডিমা হাছাও জিলাত উন্নয়নৰ কাম আৰম্ভ হৈছে ৷

মাত্ৰ 7 বছৰৰ কাৰ্যকালত সকলো উন্নয়নৰ কাম কৰা সম্ভৱ নহয় বুলি মন্তব্য কৰি তেওঁ কয় আগতে বেয়া কাম আৰু দুৰ্নীতিৰ বাবে ডিমা হাছাও জিলাৰ নাম শিৰোনামাত আছিল ৷ এতিয়া ভাল কামৰ বাবে ডিমা হাছাও জিলাৰ নাম উজলিছে । ইপিনে আজি প্ৰচণ্ড বৰষুণকো নেওচি হাফলং জিলা ক্ৰীড়া সংস্থা খেলপথাৰত সহস্ৰাধিক লোকে অংশ লয় 77 সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত । স্বাধীনতা দিৱসৰ বিভিন্ন অনুষ্ঠানৰ মাজতে আছিল মাৰ্চপাষ্ট, বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য, হাফলং চেইণ্ট এগনেছ কনভেণ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ বেণ্ড শ্ব’ আদিকে ধৰি বিভিন্ন অনুষ্ঠান ।

স্বাধীনতাৰ দিৱসৰ আজিৰ অনুষ্ঠানত উপস্থিত আছিল ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক ময়ংক কুমাৰ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, পাৰ্বত্য পৰিষদৰ প্ৰধান সচিব টিটি দাওলাগাপু, পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্যসকল আৰু চৰকাৰী বিষয়াসকল ।

লগতে পঢ়ক: 77th Independence Day : স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতি আৰু বিকাশৰ জয়গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.