Bhabesh Kalita on election result: ভূপেন বৰাৰ সময় আছে বাবে কবিতা লেখিছে: ভৱেশ কলিতা

By

Published : Dec 9, 2022, 7:25 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

"ভূপেন বৰাৰ সময় আছে, কবিতা লিখিছে ৷ তেখেতৰ কবিতা আৰু সৃষ্টি হওঁক আমি তাকেই কামনা কৰিছো ৷ হিমাচল প্ৰদেশৰ নিৰ্বাচনত ভাল প্ৰতিদ্বন্দিতা হৈছে ৷ দুটা এটা খেলিমেলিৰ বাবেই ফলাফল তেনেকুৱা হ'ল ৷ প্ৰকৃততে আমি হিমাচল প্ৰদেশত পৰাজিত হোৱা নাই ৷ কংগ্ৰেছ আৰু আমি প্ৰায় সমান ভোট পাইছো ৷ অসম প্ৰদেশ কংগ্ৰেছে যিমান উৎসাহিত নহলেও আমাক হৰুৱাব নোৱাৰে ৷ অসমত ইতিমধ্যে বুথ সশক্তিকৰণ সম্পূৰ্ণ হৈছে ৷ পঞ্চায়ত তথা পৌৰনিগম বিজেপিৰ হাতত আছে ৷ সকলো জাতি-জনগোষ্ঠী বিজেপিৰ লগত আছে ৷ কংগ্ৰেছৰ অবস্থা খুবেই বেয়া, গুজৰাট তাৰেই উদাহৰণ ৷ বিজেপিৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জয় ৷ লোকসভাত ৩০০ তকৈ অধিক আসন পাব বিজেপিয়ে ৷ কংগ্ৰেছ ধুলিস্যাৎ হ'ব ৷ পৰিয়ালবাদ, ভ্ৰষ্টাচাৰবাদ ৰাজনীতিৰ অৱসান ঘটিছে ভাৰতত ৷" হিমাচল আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে আজি এই মন্তব্য প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Assam Bjp state president Bhabesh Kalita) ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.