Maha jan Sampark Abhiyan: বিজনীত মহা জনসম্পৰ্ক অভিযানত ভৱেশ কলিতা

By

Published : Jun 27, 2023, 1:39 PM IST

thumbnail

চিৰাং, 27 জুন :  চিৰাং জিলাৰ বিজনীত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি চলি থকা মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাবে বিজনীৰ বিশিষ্ট তথা প্ৰতিষ্ঠিত ব্যক্তিক লগ ধৰাৰ উদ্দেশ্য বিজনীত উপস্থিত হয় ৰাজ্যিক সভাপতিগৰাকী । 

মহাজনসম্পৰ্ক অভিযানৰ অংশ হিচাবে বিজেপিৰ 'সম্পৰ্ক সে সমৰ্থন'ৰ শ্লোগানেৰে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিৰহাসগিৰি বসুমতাৰী আৰু প্ৰাক্তন অধ্যক্ষ তথা বিজনীৰ আমগুৰী নিবাসী ধীৰেন্দ্ৰ নাথ মেধীৰ বাসগৃহত উপস্থিত হয় ।

এই মহাজনসম্পৰ্ক অভিযানৰ অন্তৰ্গত বৈঠকত দেশ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । উক্ত কাৰ্যসূচীত সভাপতি কলিতাৰ উপৰিও মন্ত্ৰী সঞ্জয় কিষান উপস্থিত থাকে ।

লগতে পঢ়ক : Clash Between TMC and BJP: পশ্চিমবংগত প্ৰাক নিৰ্বাচনী হিংসা; 1জন নিহত, 5জন আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.