J P Nadda in Siva Dol: শিৱ দৌলত সেৱা ল’লে জে পি নাড্ডাই

By

Published : Jun 18, 2023, 11:10 PM IST

thumbnail

শিৱসাগৰ,১৮ জুন: শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । আমগুৰি সমষ্টিৰ অধীনৰ চাৰিং দুৰ্লভ চন্দ্ৰ গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত মহাজনসম্পৰ্ক সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী উপস্থিত হয় শিৱদৌলত ।  

শিৱদলত ধৰ্মীয় নীতি-নিয়মেৰে মহাদেৱৰ পূজা-অৰ্চনা আগবঢ়াই সভাপতিগৰাকীয়ে । ৰাষ্ট্ৰীয় সভাপতিগৰাকীক সংগ দিয়ে ৰাজ্যিক সভাপতি ভবেশ কলিতা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক তৰংগ গগৈ, সাংসদ তপন গগৈয়ে । শিৱদৌল প্ৰাংগণত ৰাষ্ট্ৰীয় সভাপতিগৰাকীক উষ্ম আদৰণি জনায় শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে শিৱদৌল উন্নয়ন সমিতিয়ে । ইয়াৰ পাচতেই যোৰহাটত উপস্থিত হয় নাড্ডা ৷ 

লগতে পঢ়ক: CBI probe into Junmoni Rabha death: তদন্তৰ খাতিৰত মন্তব্য দিয়াৰ পৰা বিৰত আছে জোনমণি ৰাভাৰ পৰিয়াল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.