ৰাইজৰ দলক স্বাৰ্থপৰ দল আখ্যা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 11:48 AM IST

thumbnail

মাজুলী, 21 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ নেতাৰ মাজত চলিছে বাক-যুদ্ধ ৷ সোমবাৰে মাজুলীত উপস্থিত হৈ ৰাইজৰ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ৷ তেওঁ কয়, ‘‘ৰাইজৰ দলে ৰাইজৰ বাবে কি কাম কৰিছে ? ৰাইজৰ দলত যিসকল ব্যক্তি আছে তেওঁলোকৰ অঞ্চলত বিজেপি চৰকাৰে হে কাম কৰিছে । ৰাইজে বুজি পাইছে কোনে কাম কৰিছে, কোনে নাই কৰা ৷ সভা পাতিলে দুই চাৰিজন মানুহ গোট খায় ।’’

ৰাইজৰ দলক স্বাৰ্থপৰ বুলি আখ্যা দি বিধানসভাৰ উপাধ্যক্ষ মমিনে কয়, ‘‘ ৰাইজৰ দল বুলি কেৱল নামটোহে লৈছে ৷ এইটো ৰাইজৰ দল নহয়, এইটো স্বাৰ্থপৰ দল । কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰা পাচত সেই দলৰ লগত মিত্ৰতা কৰিছে ৰাইজৰ দলে । বিজেপি দলক প্ৰতিহত কৰাৰ স্বাৰ্থত কোনো আদৰ্শ নোহোৱাকৈ যিবোৰ দল একটগোট হৈছে তেওঁলোকক আহি থকা নিৰ্বাচনত ৰাইজে উচিত উত্তৰ দিব ৷’’

লগতে পঢ়ক:ভূৱন গামৰ ঘৰত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল উপভোগ বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.