Birth anniversary of Sankardev :দিখৌমুখত গুৰুজনাৰ জন্মজয়ন্তীত ১০০ গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে বৰগীত

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:53 PM IST

thumbnail

আমগুৰি, ২৪ ছেপ্টেম্বৰ: আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে গুৰুজনাৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী । জন্মজয়ন্তী উপলক্ষে ১০০ গৰাকী শিল্পীয়ে সমূহীয়াকৈ পৰিৱেশন কৰিলে গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত । শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ ন-কাটনি কালুগাঁও নামঘৰত দিখৌপৰীয়া বৈদিক বৈষ্ণৱ সমাজৰ উদ্যোগত আয়োজিত গুৰুজনাৰ জন্মজয়ন্তীত অন্যান্য কাৰ্যসূচীৰ উপৰি ১০০ গৰাকী স্থানীয় শিল্পীয়ে সমূহীয়াকৈ বৰগীত পৰিৱেশন কৰে ।  

দুদিনীয়াকৈ আয়োজন কৰা গুৰুজনাৰ জন্মতিথিৰ সৈতে সংগতি ৰাখি সমূহীয়া বৰগীত পৰিৱেশৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি, ৰচনা আৰু বৰগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা হয় । ইপিনে,'পীতাম্বৰ বড়া সোঁৱৰণী' সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাত যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । গুৰুজনাৰ জন্মতিথিত সমগ্ৰ অঞ্চল হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ।

লগতে পঢ়ক:Sankaradeva Birth Anniversary: নলবাৰীত গুৰুজনাৰ জন্মোৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.